বৰপেটা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত সহস্ৰাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

‘ভাল দিন’ আৰু ‘পৰিৱৰ্তন’ অনাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ গাদীত বহা বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত আজি দেশজুৰি প্ৰতিবাদ দিৱস পালন কৰে নিখিল ভাৰত কৃষক সভাই।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, কৃষকৰ ঋণ ৰেহাই, কৃষকৰ ফচলৰ লাভজনক দাম নিৰ্দ্ধাৰণ, কৃষি উৎপাদন ২ শতাংশ বৃদ্ধি, কৰ্মহীন লোকসকলৰ বাবে বছৰত ২ কোটি কৰ্মসংস্থাপন সৃষ্টি কৰা আদি প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা জিলাৰ এঘাৰটা স্থানত কৃষক সভাই প্ৰতিবাদ দিৱস পালন কৰে।  বাউসী আঞ্চলিক কৃষক সভাই বৰপেটা জিলাৰ কেওঁটকুছিস্থিত বৰপেটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ দিৱস উপলক্ষে অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

বাউসী আঞ্চলিক কৃষক সভাৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংগনবাড়ী কৰ্মী-সহায়িকা, মধ্যাহ্ন ভোজন কৰ্মচাৰী, আশা কৰ্মী, এন এইচ এমৰ অধীনস্থ কৰ্মচাৰী আদিকে ধৰি বিভিন্ন আঁচনিভুক্ত সহস্ৰাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আজিজুৰ ৰহমানে ভাষণ প্ৰসংগত কয় যে, সম্প্ৰতি কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনে সম্পূৰ্ণৰূপে জনবিৰোধী নীতি গ্ৰহণ কৰিছে।

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ প্ৰায় চাৰিবছৰীয়া শাসন কালত ঔষধ পাতি, ৰন্ধন গেছ, কেৰ’চিন, পিয়াজ, শাক-পাচলি আদি সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড অতিক্ৰম কৰিছে। দুখীয়া লোকৰ বাবে প্ৰবৰ্তন কৰা খাদ্য নিৰাপত্তা আইনখনো সঠিক ৰূপে ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে বুলি ৰহমানে মন্তব্য কৰে। চৰকাৰ দুখনে কৰ্মসংস্থান সৃষ্টি কৰাৰ পৰিৱৰ্তে কৰ্ম সংকোচন নীতিহে গ্ৰহণ কৰা বুলিও মন্তব্য কৰে আজিজুৰ ৰহমানে।

আনহাতে, এই প্ৰতিবাদী কাৰ্যসূচীত বৰপেটাৰ কৃষক নেতা দীপক  দাস আৰু চি আই টি ইউ-ৰ হৈ গীতিমা তালুকদাৰেও ভাষণ প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে বৰপেটাৰ উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

স্মাৰকপত্ৰৰ জৰিয়তে মূল্যবৃদ্ধি ৰোধ কৰা, জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰা, ৰন্ধন গেছকে ধৰি অত্যাবশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্য প্ৰত্যাহাৰ কৰা, খাদ্য নিৰাপত্তা আইন যথাযথভাৱে  প্ৰয়োগ কৰা, অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ মজুৰি ১৮,০০০ কৈ টক নিৰ্দ্ধাৰণ কৰা, কৰ্মহীন লোকসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, অনাময় আঁচনি সঠিকভাৱে ৰূপায়ণ কৰা আদিকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।

বৰপেটা জিলাৰ এঘাৰটা স্থান ক্ৰমে বৰপেটাৰ কেওঁটকুছি, মন্দিয়া, কলগাছিয়া, বৰনগৰ, গোবৰ্দ্ধনা, সৰুপেটা, পাটাছাৰকুছি, পাকাবেতবাৰী, চেঙা, গোমাফুলবাৰী আৰু সৰুক্ষেত্ৰীত কৃষক সভাই প্ৰতিবাদ দিৱস পালন কৰে।

উল্লেখ্য যে, ১৯৮০ চনৰ ১৯ জানুৱাৰীত তামিলনাডুত আৰক্ষীৰ গুলীত দহজন শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ স্মৃতিত পালন কৰি অহা শ্ৰমিক-কৃষক মৈত্ৰী দিৱস আজি দেশজুৰি নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত কৃষক শ্ৰমিক ইউনিয়ন আৰু চি আই টি ইউ-ই প্ৰতিবাদ দিৱস হিচাপে পালন কৰে।