বৰপেটা জিলাত ভুৱা লিগেচি ডাটা ব্যৱহাৰৰ পাঁচটাকৈ গোচৰ ৰুজু

nrc assam

”ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত কোনো অবৈধ বিদেশীয়ে যাতে ভুৱা তথ্যৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে বৰপেটা জিলাত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।” এই মন্তব্য বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ। আজি বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰি উপায়ুক্তগৰাকীয়ে কয় যে জিলাখনত একাংশ লোকে ভুৱা লিগেচি ডাটা ব্যৱহাৰ কৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাই আহিছে যদিও এনে চেষ্টা ব্যৰ্থ কৰা হৈছে।

তেওঁ লগতে কয় যে ভুৱা লিগেচি ডাটা ব্যৱহাৰ কৰি নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা সন্দৰ্ভত জিলাখনত পাঁচটাকৈ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰপেটা সদৰ থানাত তিনিটা আৰু বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰভোগ থানাত দুটা গোচৰ ৰুজু কৰা হৈছে।

উপায়ুক্তগৰাকীয়ে আৰু কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত প্ৰকৃত কোনো ভাৰতীয়ৰ নাম যাতে বাদ নপৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি আছে।

আনহাতে এন আৰ চিৰ কামৰ অগ্ৰগতিৰ ছবি দাঙি ধৰি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে ইতিমধ্যে জিলাখনত এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে ৩ হাজাৰ ৭১৭গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ইয়াৰে ৭৪৩ গৰাকী হৈছে তদন্তকাৰী বিশেষ নিৰীক্ষণ বিষয়া। আজি নতুনকৈ ২৫ গৰাকী বিষয়াক প্ৰশিক্ষণ দি থকা হৈছে আৰু তেওঁলোকক নিয়োগ কৰা হ’ব বুলিও জানিবলৈ দিছে। ইতিমধ্যে ৩৯৮ গৰাকী তদন্তকাৰী বিষয়াই ২৮১ টা কেন্দ্ৰত নথি-পত্ৰসমূহ পৰীক্ষা-নিৰীক্ষা চলাই আছে আৰু ৩৪৫ গৰাকী বিশেষ নিৰীক্ষক বিষয়াই সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰকী কৰি আছে।

উপায়ুক্তগৰাকীয়ে কয় যে, গোটেই পৰীক্ষণ  প্ৰক্ৰিয়াটোক ‘টাইপ-১’, ‘টাইপ-২’ আৰু ‘টাইপ-৩’ এই তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে। ইয়াৰে ‘টাইপ-১’ ত ২৭৭৩৬ গৰাকী লোকৰ নথি-পত্ৰ আৰু ‘টাইপ-২’ ত মুঠ ২৪৪৩০ গৰাকী লোকৰ নথিপত্ৰ পৰীক্ষা কৰি থকা হৈছে। আনহাতে, ‘টাইপ-৩’ ত ৪৮৭৬৫ গৰাকীৰ নথি-পত্ৰ পৰীক্ষা কৰি থকা হৈছে।

উপায়ুক্তজনে ‘টাইপ-৩’ ত অন্তৰ্ভুক্ত নথি-পত্ৰসমূহ অতি জটিল বুলি জানিবলৈ দিয়ে। সংবাদমেলত উপস্থিত থকা বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়’লেট বৰুৱাই কয় যে ইতিমধ্যে এন আৰ চিৰ কাম সুকলমে সম্পন্ন কৰাৰ বাবে জিলাখনত ৮ টাকৈ নিৰাপত্তাৰক্ষীৰ কোম্পানী নিয়োগ কৰা হৈছে। ইয়াৰে ২ টা কোম্পানী এছ এছ বি আৰু ৬ টা কোম্পানী চি আৰ পি এফৰ। ইতিমধ্যে এ পি বি এনৰ ৪০জনক নিয়োগ কৰা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে।

সংবাদমেলত উপায়ুক্তগৰাকীয়ে কয় যে, এন আৰ চিৰ খচৰাত যিসকলৰ নাম অন্তৰ্ভুক্ত নহয়, তেওঁলোকে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে পুনৰ উপযুক্ত নথিসহ আবেদন কৰাৰ বাবে এমাহ সময় লাভ কৰিব। কোনো প্ৰতিক্ৰিয়াশীল চক্ৰই যাতে এন আৰ চি প্ৰস্তুতকৰণত বাধা দিব নোৱাৰে তাৰ বাবে সকলো দল-সংগঠনক সহায়-সহযোগিতা আগ বঢ়াবলৈও আহ্বান জনায় উপায়ুক্তগৰাকীয়ে। সংবাদমেলত এন আৰ চিত বিশেষভাৱে দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীও উপস্থিত আছিল।