বৰাকত বান পৰিস্থিতিৰ বুজ লৈ ১০০ কোটি টকা মুকলিৰ নিৰ্দেশ মুখ্য মন্ত্রী সোণোৱালৰ

ATTACHMENT

বৰাকৰ তিনিওখন জিলাৰ বানৰ ক্ষয়-ক্ষতিৰ বুজ লৈ সাহায্যৰ বাবে প্রথম পর্যায়ত ১০০ কোটি টকা মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

১৯৮৯ৰ পিছত এইবাৰ যিহেতু ভয়াৱহ বান হৈছে সেয়েহে জিলা উপায়ুক্তসকলক ক্ষয়- ক্ষতি সন্দর্ভত সম্পূর্ণ তথ্য লৈ চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে সোণোৱালে। মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে দুর্নীতিক চৰকাৰে কোনো কাৰণতে কেতিয়াও প্রশ্রয় নিদিয়ে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে।

উল্লেখ্যযোগ্য যে বানপানীৰ ফলত হোৱা পৰিস্থিতিৰ বুজ ল’বলৈ দুদিনীয়া কার্যসূচীৰে কালি বৰাকত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সর্বানন্দ সোনোৱাল।  কালি কৰিমগঞ্জ আৰু হাইলাকান্দিত প্রশাসনৰ সৈতে জিলা দুখনৰ বান পৰিস্থিতিৰ বুজ লয় সোণোৱালে।

আনহাতে দেওবাৰে পুৱা ‘সম্পর্ক অভিযান’ৰ অংশ হিচাপে
মুখ্য মন্ত্রীয়ে  শিলচৰৰ গোপাল আখৰা পথত ভাৰত কেশৰী ড০ শ্যামাপ্রসাদ মুখার্জীৰ সহকর্মী ডা: পি কে চক্রৱর্তী আৰু ৰামকৃষ্ণ মিছনৰ মহাৰাজৰ সৈতে সাক্ষাৎ কৰি চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বিষয়ে মত বিনিময় কৰে। পাছত শিলচৰৰ বালক বিদ্যালয়ৰ আশ্রয় শিবিৰত থকা বানাক্ৰান্তৰ সৈতে কথা পাতি তেওঁলোকৰ অৱস্থাৰ বুজ লয় মুখ্য মন্ত্ৰী গৰাকীয়ে।

তাৰ পিছত শিলচৰ উপায়ুক্ত কার্যালয়ত চৰকাৰী বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বান পৰিস্থিতিক লৈ পর্যালোচনা বৈঠকত অংশ গ্রহণ কৰে সোণোৱালে।  উল্লেখযোগ্য যে বানৰ কবলত পৰি বৰাকত এই পৰ্যন্ত ২৩গৰাকী লোকৰ মৃত্যু হৈছে। মৃত ব্যক্তিৰ পৰিয়ালক  চৰকাৰে এককালীন সাহাৰ্য হিচাপে ৪ লাখ টকা দিয়া হৈছে।