বৰাকত বিশ্ব হিন্দু পৰিষদৰ নেতা সুৰেন্দ্ৰ জৈনক আদৰণি জনাবলৈ সাজু ১৫০০ বাইক আৰোহী

Dr-Surendra-Jain-570x320

ড০ সুৰেন্দ্ৰ জৈন

বিশ্ব হিন্দু পৰিষদৰ (ভি এইচ পি) নেতা ড০ সুৰেন্দ্ৰ কুমাৰ জৈন বৰাক উপত্যকা ভ্ৰমণৰ বাবে দুদিনীয়া কাৰ্যসূচী লৈ শিলচৰত উপস্থিত হ’ব।

বিশ্ব হিন্দু পৰিষদৰ আন্ত:ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সম্পাদক তথা মুখপাত্ৰগৰাকীক আদৰণি জনাবলৈ ভিএইচপিৰ স্থানীয় গোটে এক বিশাল আয়োজনৰ পৰিকল্পনা হাতত লৈছে।

তথ্য অনুসৰি আবেলি ২ বজাত জৈন আহি উপস্থিত হোৱাৰ পিছতে প্ৰায় ১৫০০ মটৰচাইকেল আৰোহীয়ে কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শিলচৰলৈ এক সমদলৰে নেতাগৰাকীক আগবঢ়াই আনিব।

এইক্ষেত্ৰত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে।

ড০ জৈনে দেওবাৰে শিলচৰত ৰাম নৱমী উৎসৱ উপলক্ষে আয়োজিত এখন ‘ধৰ্ম সভা’ত ভাষণ দিব।

জৈনে হাৰিয়ানাৰ ৰোহটকৰ হিন্দু কলেজৰ অধ্যক্ষ পদৰ পৰা ২০১৩ চনত অৱসৰ গ্ৰহণ কৰিছে। বিনয় কাটিয়াৰ আৰু জয়ভান সিং পাৱাইয়াৰ পিছত তেওঁ আছিল বজৰং দলৰ তৃতীয়গৰাকী সভাপতি।

নতুন দিল্লীৰ শ্ৰীৰাম কলেজ অফ কমাৰ্ছৰ পৰা স্নাতক জৈনে তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰী দিল্লী স্কুল অফ ইক’নমিকছৰ পৰা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ড০ জৈনে ২০১৭ চনত অযোধ্যাত ‘‘ৰাম জন্ম ভূমিৰ বাবে আন্দোলনৰ পুনৰজাগৰণ’’ শীৰ্ষক আলোচনা চক্ৰত ভাষণ দি কৈছিল, ‘’ মন্দিৰ (ৰাম মন্দিৰ) কেতিয়া নিৰ্মাণ কৰা হ’ব তাৰ বাবে চৰকাৰে তাৰিখ ঠিক কৰা নাই, সেইকাৰণে সংস্থাই বিচাৰিছে সেয়া মোডী বা যোগী যিয়েই নহওক কিয় নিৰ্মাণ কৰিব লাগে।‘’

ভিএইচপি নেতা ড০ জৈনে  ২০১৮ চনত অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি কৈ লগতে গোটেই দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ কৈছিল, ‘’আমি সেই বছৰত মন্দিৰটো দেখিবলৈ পাম।‘’