NORTHEAST NOW (Assamese)

বৰাকৰ বৃহৎ কয়লা কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ; শংকিত জড়িত বিষয়া-আমোলা, মন্ত্ৰী-বিধায়ক

July 15, 2018 5:58 pm · এন ই নাও নিউজ
কয়লাৰ প্ৰতীকী ফাইল ছবি।

কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ পিছত শেহতীয়াকৈ বিজেপি চৰকাৰখনৰ দিনত হোৱা বৰাকৰ বৃহৎ কয়লা কেলেংকাৰিয়ে পুনৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কেইবা কোটি টকাৰ কেলেংকাৰিটোৰ অনুসন্ধানৰ সময়ত পোৱা তথ্য-পাতিত বহু ৰাজনৈতিক নেতা-আমোলা, মন্ত্ৰী-বিধায়কৰ নাম ওলাই পৰাত নেতা-আমোলা, মন্ত্ৰী-বিধায়কৰ মাজত হাহাকাৰ লাগিছে বুলি জানিব পৰা গৈছে।

ৰাজনৈতিকভাৱেও শক্তিশালী এইসকলে কেলেংকাৰিটোক বিপথে নিয়াৰ শংকা প্ৰকাশ কৰাৰ সময়তে আজি চৰকাৰে এই বৃহৎ কেলেংকাৰিটোৰ তদন্ত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা বা চি বি আইক দিয়া বুলি জানিবলৈ দিছে। ফলত শংকিত হৈ পৰিছে কেলেংকাৰিটোত জড়িত আমোলা-বিষয়া আৰু ৰাজনৈতিক নেতা, মন্ত্ৰী-বিধায়কসকল।

উল্লেখযোগ্য যে কৰিমগঞ্জ আৰক্ষীয়ে বৰাক উপত্যকাত কয়লাৰ বৃহৎ ছিণ্ডিকেট চলাই থকা আব্দুল আহাদ চৌধুৰী নামৰ কয়লা মাফিয়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে ন ন তথ্য। কৰিমগঞ্জ আৰক্ষীয়ে ১৩ জুলাইত ভাৰত-বাংলাদেশ সীমান্তৰ সূতাৰকান্দিত থকা আব্দুল আহাদ চৌধুৰীৰ বাসভৱনত তালাচী চলাওঁতে বহুতো বিস্ফোৰক তথ্য থকা নথি-পত্ৰ লাভ কৰিছিল। তাৰ ভিতৰত তেওঁৰ এখন ডায়েৰিও আছিল, য’ত আছে তেওঁ কাক কাক টকা নিয়মীয়াকৈ দি আহে তাৰ তালিকা।

এই তালিকাত গুৱাহাটীৰ প্ৰভাৱশালী ব্যক্তি, নেতা আদিক তেওঁ মাহে প্ৰায় ৩০ লাখকৈ টকা দিয়াৰ তথ্য পোৱা গৈছে। লগতে বৰাক উপত্যকাৰ তিনিওখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক মাহে বহু লাখকৈ টকাৰ বৰঙনি দি আহিছে বুলি লিখা আছে।

আৰক্ষীয়ে আব্দুল আহাদ চৌধুৰীক এটা সাধাৰণ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে ঘটনাই এনে মোৰ লোৱাত সকলো স্তম্ভিত হৈছে। দুই-একে প্ৰশ্ন কৰিছে, এইদৰে আৰু কিমান কেলেংকাৰি গোপনে সংঘটিত হৈ আছে, যিবোৰ পোহৰলৈ অনা হোৱা নাই।

Related News