NORTHEAST NOW (Assamese)

বৰ্খাস্তৰ পিছতো অসম লোকসেৱা আয়োগৰ ৱেবছাইটত জিলিকি আছে ৰাকেশ পালৰ নাম

February 10, 2018 6:57 pm · এন ই নাও নিউজ
Updated: February 10, 2018 7:03 pm

ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত হৈ বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত দিন কটোৱা এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ কুমাৰ পালক কালি ৰাষ্ট্ৰপতিয়ে বৰ্খাস্ত কৰাৰ পিছতো আজিও আয়োগৰ ৱেবছাইটত (http://apsc.nic.in/) পালৰ নাম দেখা গ’ল নিলম্বিত অধ্যক্ষ হিচাপে। অৰ্থাৎ আয়োগে নিজৰ ৱেবছাইটৰ পৰা এতিয়াও আঁতৰোৱা নাই পালৰ নাম।

উল্লেখযোগ্য যে কালি ৰাষ্ট্ৰপতিয়ে কেলেংকাৰিত অভিযুক্ত তথা নিলম্বিত হৈ থকা প্ৰাক্তন অধ্যক্ষজনক পদৰ পৰা বৰ্খাস্ত কৰিছিল। তেওঁক বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বাবে প্ৰয়োজনীয় অনুমোদনতো ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে চহী কৰিছিল।

মন কৰিব লগীয়া যে চাকৰিৰ বিনিময়ত টকা লোৱাৰ বৃহৎ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈ পাল বৰ্তমান কাৰাগাৰত আছে যদিও অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদটো সাংবিধানিক পদ হোৱা বাবে তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ ৰাষ্ট্ৰপতিৰ অনুমতিৰ প্ৰয়োজন আছিল।

কালি ৰাষ্ট্ৰপতিয়ে যাৱতীয় নথি-প্ৰত্ৰ পৰীক্ষা কৰি এই অনুমতি প্ৰদান কৰাৰ লগতে বিষয়াজনক নিলম্বনো কৰে।

ৰাষ্ট্ৰপতিৰ কাৰ্য্যলয়ে ইতিমধ্যে তেওঁৰ বৰ্খাস্তকৰণৰ যাৱতীয় নথি-পত্ৰ কেন্দ্ৰৰ পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগলৈ প্ৰেৰণ কৰিছে। ডিজিটেল যুগৰ কথা সততে কৈ থকা চৰকাৰৰে এটা আয়োগৰ ৱেবছাইটত কিন্তু আজিও এই নিৰ্দেশ কাৰ্যকৰী হোৱাৰ কোনো ইংগিত পোৱা নগ’ল।

Related News