• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাষাৰ ব্যৱহাৰিক দিশ সঠিক নহ’লে ভাষাৰ মৃত্যু হ’বই : ড০ পৰমানন্দ ৰাজবংশী

মিণ্টু দাস by মিণ্টু দাস
July 11, 2018 12:33 pm
ad377847-7dd8-4f8e-aa7f-8577f029e83a
357
VIEWS
Share on FacebookShare on Twitter

”অসমীয়া ভাষা উত্তৰণৰ বাবে অসম সাহিত্য সভাই বহু কাম কৰি আহিছে। কিন্তু চৰকাৰে কৰণীয় একো কৰা নাই। অসমীয়া জাতীয় সত্তাক আঘাত কৰাৰ চেষ্টা চলি আহিছে। সেইদৰে জাতীয় জীৱনৰ বাবে কাম কৰা শক্তিক আঘাত কৰাৰ ষড়যন্ত্ৰ চলি আছে। যি খ্ৰীষ্টান মিচনেৰীয়ে অসমীয়া ভাষা উদ্ধাৰ কৰিছিল, অসমীয়া ভাষাক স্বতন্ত্ৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰিছিল সেই মিচনেৰী এতিয়া ৰোমান লিপি প্ৰবৰ্তন কৰিবলৈ উঠি পৰি লাগিছে।” এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ।

১০ জুলাইত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ চিন্তন বৈঠকত এই মন্তব্য প্ৰকাশ কৰে ড° ৰাজবংশীয়ে। তেওঁ কয় যে অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে শিপাৰ সন্ধান কৰিছে। অসমত আটাইতকৈ নিজকে বেছি অসমীয়া বুলি পৰিচয় দি অহা কোঁ‌চ ৰাজবংশী সকলৰ অধিকাংশই এতিয়া নিজৰ ভাষা ৰাজবংশীয় বুলি কয়। বড়োলেণ্ড জাপি দিয়াৰ ফলতে তেওঁলোকৰ এই মানসিক পৰিবৰ্তনৰ কাৰণ।

অসমীয়া ভাষা সংকটৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ভাষাৰ ব্যৱহাৰিক দিশ সঠিক নহ’লে ভাষাৰ মৃত্যু হ’বই। ৰাজ্যত এখন নিজৰ চৰকাৰ থাকোতেই ৰাইজ ভাষাৰ বাবে, জাতি ৰক্ষাৰ বাবে ৰাজ পথলৈ কিয় ওলাব লগা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে।

ইফালে বৈঠকত উপস্থিত থকা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কয় যে জাতীয় জীৱনৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই মাত মাতি আহিছে। জাতিৰ ওপৰত ভাষাৰ ওপৰত আক্ৰমণ চলিছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট শংকৰী সংস্কৃতিৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰে কয় যে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী-বিধায়ককে ধৰি পঞ্চায়ত প্ৰতিনিধি সকল আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সন্তানে অধ্যয়ন কৰাটো বাধ্যতামূলক কৰিব লাগে। ইয়ে মাতৃভাষা উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

সাহিত্য সভাৰ সভাপতি ড°পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ দিয়ে নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি নিত্যানন্দ বৰাই। সভাত অসম সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য হবিবুৰ ৰহমান, বলেন্দ্ৰ নাথ, বিশিষ্ট নাট্যকাৰ ডাঃ দিলীপ বৰুৱা, বিশিষ্ট লেখক ৰতিমোহন নাথৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd