NORTHEAST NOW (Assamese)

ভাৰতীয় মহাকাশ গবেষণা সংস্থাৰ বৈজ্ঞানিক পদত বৰপেটাৰ যুৱ বিজ্ঞানী হাবিব

April 11, 2018 10:29 pm · পুলেন্দ্ৰ দাস

ভাৰতীয় মহাকাশ গবেষণা সংস্থাৰ সন্মানীয় বৈজ্ঞানিক পদত নিযুক্তি লাভ কৰিছে বৰপেটাৰ যুব বিজ্ঞানী হাবিব মহম্মদ খানে ৷

বৰপেটা জিলাৰ কুমুল্লীপাৰাৰ আব্বাছ আলী খান আৰু হাচিনা পাৰবিনৰ প্ৰথম সন্তান হাবিবৰ এনে সাফল্যত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে ৷

হাবিবৰ পিতৃয়ে ৰঙিয়াৰ এপলো মিলত চাকৰি কৰাৰ সুত্ৰে ৰঙিয়াৰ ৰেড হৰ্ণ আৰ্মী স্কুলত স্কুলীয়া জীৱন আৰম্ভ কৰা হাবিবে পিতৃৰ চাকৰি অনিশ্চয়তাৰ পিনে গতি কৰাত পৰবৰ্তী সময়ত হাউলীৰ হোমা স্কুল আৰু পৰবৰ্তী সময়ত বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ত কিছুদিন শিক্ষা লাভ কৰে ৷

পিতৃয়ে নতুন কৰ্মৰ বাবে বিহাৰৰ ভগলপুৰলৈ গুচি যোৱাত হাবিবে পুনৰ ভগলপুৰ এচ কে ভি স্কুলত শিক্ষা গ্ৰহণ কৰে ৷ নবম শ্ৰেণীৰ পৰা হাবিবে দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়া কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰি থকা অবস্থাত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ সাক্ষাৎ লাভ কৰে ৷ এই সাক্ষাতত মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী হৈ পৰা হাবিবে বৈজ্ঞানিক হোৱাৰ বাবে উৎসাহী হৈ পৰে ৷

পৰবৰ্তী সময়ত কম্পিউটাৰ অভিযন্তাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ২০১৬ বৰ্ষত ” জি এ টি ই ” পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ গুৱাহাটীৰ বি এচ এন এল কাৰ্যালয়ত কিছুদিন চাকৰি কৰা হাবিবে ভাৰতীয় মহাকাশ গবেষণা সংস্থাৰ বৈজ্ঞানিক পদৰ পৰীক্ষাত ৩য় স্থান লাভ কৰি সন্মানীয় বৈজ্ঞানিক পদত নিযুক্তি লাভ কৰে ৷

দেশৰ বাবে মহৎ কাম কৰাৰ আশা পুহি ৰখা হাবিবৰ সাফল্যত জিলাখনৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে যুব বিজ্ঞানীগৰাকীক ৷

Related News