NORTHEAST NOW (Assamese)

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ভৱানীপুৰত চহিদ দিৱস উদযাপন

December 10, 2017 5:37 pm · এন ই নাও নিউজ
চহিদৰ পৰিয়ালৰ সৈতে মত বিনিময় মুখ্য মন্ত্ৰী সোণোৱালৰ।

অসম আন্দোলনৰ প্ৰথম চহিদ হিচাপে গণ্য কৰা খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি বজালীৰ ভবানীপুৰ উজান বৰবৰিত আজি ভাৰতীয় জাতীয় যুৱ মৰ্চাৰ উদ্যোগত চহিদ দিৱস আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অসম মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী  আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থকাৰ লগতে বিজেপি দলৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে। মুখ্য মন্ত্ৰীজনে অনুষ্ঠানটোত উপস্থিত হৈ চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।

আজিৰ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিসৌধত মুখ্য মন্ত্ৰীকে ধৰি আটাইকেইগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে কয়, ‘’জাতীয় চেতনা জাগৃত কৰা সকল আমাৰ অনুপ্ৰেৰণা।‘’ মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে য়ুৰোপ-আমেৰিকাতো অসম আন্দোলনে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ আহ্বান জনাই কয় যে মহাপুৰুষ জনাৰ আদৰ্শৰে অনুপ্ৰাণিত হ’লেহে অসমীয়া জাতিটো শক্তিশালী হ’ব।

কথাৰ প্ৰসংগতে তেওঁ কয় যে প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীয়ে সংসদত অসম আন্দোলনৰ প্ৰসংগ উত্থাপন কৰিছিল । ইয়াৰ উপৰি তেওঁ কয় যে গাওঁসমূহ শক্তিশালী হ’লেহে ৰাজ্য শক্তিশালী হ’ব আৰু উন্নত মানৰ শিক্ষাইহে জাতিটোক শক্তিশালী কৰিব। উক্ত সভাতে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আন্দোলনক লৈ গ্ৰন্থ প্ৰণয়ন কৰা হ’ব বুলিও এক ঘোষণা কৰে। তদুপৰি অসম আন্দোলনৰ প্ৰতম চহিদ হিচাপে গণ্য কৰা খৰ্গেশ্বৰ তালুকদাৰৰ নামত গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি কোৱাৰ লগতে ভবানীপুৰত ঔদ্যোগিক বিকাশ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।

মুখ্য মন্ত্ৰীৰ পাছতেই স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰে। বক্তব্যৰ মাজতে মন্ত্ৰীগৰাকীয়ে এক বিতৰ্কিত মন্তব্য কৰি কয় যে চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি বৰ্তমান এ আই ইউ ডি এফ ৰ দখলত আৰু প্ৰয়োজন অনুসৰি সমষ্টিটো উদ্ধাৰ কৰিবলৈ বলিদান দিবলৈও সাজু। উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হ’লেই অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদে তেজৰ মূল্য পাব। আনহাতে কথাৰ প্ৰসংগতে তেওঁ উল্লেখ কৰে যে অসমৰ শাসন বিদেশীৰ হাতত থকাৰ বিপৰীতে ভাৰতীয়ৰ হাতত থাকিব। অসম চুক্তি ৰূপায়ণ সম্পৰ্কত তেওঁ কয় যে অসম চুক্তিৰ ৰূপায়ণৰ বাবে এটা সুকীয়া কাৰ্য্যালয় গঠন কৰা হ’ব। উল্লেখনীয় যে মন্ত্ৰীগৰাকীয়ে অসম চুক্তিৰ সকলো দফাই ৰূপায়ণ কৰাৰ চেষ্টা কৰা হ’ব বুলি উক্ত সভাত উপস্থিত সকলোকে আশ্বাস প্ৰদান কৰে। ভাষণৰ শেষৰ ফালে মন্ত্ৰী গৰাকীয়ে  শ্বহীদ গৰাকীৰ নাম জড়িত থকা সকলো প্ৰতিষ্ঠানলৈ সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে । এইক্ষেত্ৰত তেওঁ খৰ্গেশ্বৰ তালুকদাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ২৫ লাখ টকাৰ সাহায্যৰ  লগতে ভবানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ পুথিভঁৰাললৈও ২৫ লাখ টকাৰ সাহায্য ঘোষণা কৰে। ইয়াৰ উপৰি তেওঁ চহিদগৰাকীয়ে অধ্যয়ন কৰা বজালীৰ সৰুপেটা বি এইচ্ছ বি মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ আশ্বাস প্ৰদান কৰে।

Related News