ভাৰত-ভূটান সীমান্তত অঘটন : নদীত পৰি নলবাৰীৰ দুই যুৱকৰ সলিল সমাধি

FB_IMG_1532873469646

মনোজ দত্ত

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ কালানদীৰ বুকুত দেওবাৰে নলবাৰীৰ পৰা ফুৰিবলৈ অহা যুৱকৰ দল এটাৰ দুজন যুৱকৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিহত যুৱক দুজনৰ ঘৰ নলবাৰী থানাৰ অন্তৰ্গত নলবাৰী চহৰৰ জাপাৰকুছি গাঁৱত ৷

দেওবাৰে নলবাৰী চহৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ বন্ধ থকাৰ পৰিপ্রেক্ষিতত চাৰিজনকৈ বন্ধু ক্ৰমে ৰাজু ভট্ট (৩৩), মনোজ দত্ত (৩৪), ত্ৰিপালোক ডেকা (৩৩)  আৰু ধনজিৎ বৰ্মন (৩৩)  ভূটান সীমান্তলৈ ফুৰিবলৈ আহিছিল।

চাৰিওজন বন্ধুই ভূটান সীমান্তৰ প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ অঞ্চলৰ কালানদীৰ বুকুত ফুৰা চ’কা কৰি থাকি নদীৰ বুকুত ফটো তুলি থাকোতে  চাৰিজন বন্ধুৰ  ভিতৰত ধনজিৎ বৰ্মন নামৰ এজন বন্ধু নদীৰ বুকুত পিছলি পৰি যায়৷ ততমুহূৰ্তত ৰাজু ভট্ট  নামৰ যুবক জনে সাতুৰিব নজনা সত্বেও ধনজিৎ বৰ্মন নামৰ বন্ধু জনক বচাবলৈ নদীৰ বুকুত জাপ দিয়ে যদিও ৰাজুইও পানীত পৰি ককবকাবলৈ ধৰে৷ পিছত ৰাজুক বচাবলৈ মনোজ দত্ত নামৰ আন এজন যুবক পুনৰ নদীৰ বুকুত জাপ দিয়ে ৷ ধনজিৎ বৰ্মন নদীৰ প্ৰৱাল সোতৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৰাজু ভট্ট আৰু মনোজ দত্ত নদীৰ প্ৰবল সোতত পৰি আৰু দুয়োৰে নদীৰ বুকুত সলিল সমাধি ঘটে ৷

পিছত ধনজিৎ বৰ্মন আৰু পাৰত থকা আন বন্ধু  দুজন বন্ধুৰ মাজত হুৱাদুৱা লাগে৷ ইপিনে ঘটনা সন্দৰ্ভত দুই বন্ধুৱে স্থানীয় লোকৰ সহায়ত দৰংগামেলা আৰক্ষী চকীত খবৰ দিয়ে৷ লগে লগে দৰংগামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়ন দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটা লগত লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু নদীৰ পৰা যুৱক দুজনক উদ্ধাৰ কৰে।

মনোজৰ ঘটনাস্থলীতেই মৃত্যু হয় যদিও ৰাজু ভট্টক দৰংগামেলাৰ পাটকীজুলী মিছন হস্পিতাললৈ প্ৰেৰেন কৰে আৰু মনোজ দত্তৰ মৃতদেহটো দৰংগামেলা আৰক্ষী চকীলৈ লৈ অনা হয়৷ পিছত পাটকীজুলি চিকিৎসালয়ৰ চিকিৎসকে ৰাজুকো মৃত ঘোষণা কৰে।

ইপিনে ঘটনাৰ খবৰ পাই নলবাৰীৰ বন্ধু বৰ্গ আৰু পৰিয়ালৰ লোকে আহি দৰংগামেলা আৰক্ষী চকীত উপস্থিত হয়৷ পৰিয়ালৰ লোক আৰু বন্ধু বৰ্গ উপস্থিত হোৱাৰ পিছত দৰংগামেলাত সৃষ্টি হয় এক শোকাকূল পৰিবেশৰ। সন্ধিয়া স্থানীয় লোকেৰেও লোকাৰণ্য হৈ পৰে দৰংগামেলা আৰক্ষী চকী চৌহদ।

ঘটনা সন্দৰ্ভত দৰংগামেলা আৰক্ষীযে  তদন্ত অব্যাহত ৰাখিছে। আৰু জানিব পৰা মতে দুই যুৱকৰ মৃতদেহ বাক্সা জিলা সদৰ মুছলপুৰলৈ মাৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব।