ভুপিন্দৰ সিঙৰ হত্যাকাণ্ড সন্দৰ্ভত নৰ্থইষ্ট নাওৰ আৰক্ষীলৈ ৫টা প্ৰশ্ন

ভুপিন্দৰ সিঙৰ হত্যাৰ প্ৰতিবাদ

ভুপিন্দৰ সিঙৰ হত্যাৰ প্ৰতিবাদ

গুৱাহাটী জয়ানগৰস্থিত নাগামিজ ৰেষ্টোৰেণ্টৰ মেনেজাৰ ভুপিন্দৰ সিঙক যোৱা ১৩ জানুৱাৰিৰ নিশা ১১.৫০ বজাত এখন ইন’ভা গাড়ীয়ে জয়ানগৰ চাৰিআলিত খুন্দিয়াই হত্যা কৰিছিল। কাৰ্বি আঙলং জিলাৰ ডিফুৰ ৩৫ বছৰীয়া ভুপিন্দৰ সিঙৰ হত্যাৰ আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

যিহেতু মহানগৰ আৰক্ষীয়ে ঘটনাটোত জড়িত কোনোলোকৰে এতিয়ালৈকে শুংসূত্ৰ উলিয়াব পৰা নাই সেয়ে নৰ্থইষ্ট নাওয়ে হত্যাকাণ্ডটোৰ সম্পৰ্কে কিছু প্ৰশ্ন উত্থাপন কৰিছে:

ভুপিন্দৰ সিং

# হত্যাৰ ৯৬ ঘণ্টা ওকলি যোৱা পিছতো কিয় মহানগৰ আৰক্ষীয়ে হত্যকাৰী গাড়ীচালকক আটক বা বাহনখনক জব্দ কৰিব পৰা নাই?

# হত্যাকাণ্ডত ব্যৱহিত ইন’ভাখনৰ চি চি টি ভি ফুটেজটো ওচৰৰ এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছিল। কিয় মহানগৰ আৰক্ষীয়ে জয়ানগৰ চাৰিআলিত চি চি টি ভি কেমেৰা স্থাপন কৰা নাই?

# কিয় সঞ্জীব প’ল নামৰ অবৈধ কয়লা ব্যৱসায়ীজনক আটক কৰা হৈছে? ভুপিন্দৰ সিঙৰ হত্যাৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছে

# ভুপিন্দৰ সিঙৰ পৰিয়ালে ইয়াক এক পূৰ্ব-পৰিকল্পিত হত্যা বুলি অভিযোগ কৰিছে। উক্ত অভিযোগকলৈ আৰক্ষী কিয় নীৰৱ হৈ আছে?

# জয়ানগৰ চাৰিআলিৰ লোকসকলে অভিযোগ কৰে যে বাহনখনৰ পুৰুষ চালকজনৰ উপৰি গাড়ীখনত থকা দুগৰাকী মহিলা ‘প্ৰভাৱশালী ব্যক্তি’ হয়। চৰকাৰ বা আৰক্ষীয়ে উক্ত ‘প্ৰভাৱশালী’ চালকজনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে নেকি?