ভুৱা লিগেচী ডাটা ব্যৱহাৰ কৰা ৩ জনক গ্ৰেপ্তাৰ কমলপুৰ আৰক্ষীৰ

এন আৰ চি

কামৰূপ জিলাৰ কমলপুৰ আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কীয় এক গোচৰত তিনিজন ব্যক্তিক আটক কৰে। কমলপুৰ ৰাজহ চক্ৰৰ চৌহদৰ পৰা আৰক্ষীয়ে ব্যক্তি তিনিজনক আটক কৰে।

হোজাই আৰক্ষী থানাত ৰুজু হোৱা ২৩৪/১৮ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে লোক তিনিজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই জানিব দিয়া মতে আটক হোৱা সুভাষ দাস, হেমন্ত নাথ আৰু ৰাজু দাসে হোজাইৰ ৰতন দাসৰ পিতৃ প্ৰকাশ দাসৰ লিগেচী ডাটা ব্যৱহাৰ কৰি ভুৱাকৈ ব্যৱহাৰ কৰা সম্পৰ্কত হোজাই আৰক্ষী থানাত গোচৰটো ৰুজু কৰা হৈছিল।

মিৰ্জা থানাৰ অন্তৰ্গত বঙৰাৰ বাসিন্দা ব্যক্তি তিনিজনে হোজাইৰ ৰতন দাসৰ ঘৰলৈ গৈ ভাবুকি দিয়া বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

সুভাষ দাসৰ নেতৃত্বত চাৰিজন লোকে ৰতন দাসৰ ঘৰলৈ গৈ তেওঁলোকৰ লিগেচী ডাটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নকৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে এনআৰচিৰ বিষয়াৰ আগত সাক্ষ্য দিবলৈ সকীয়াই দিছিল।

তেওঁলোকে লগতে ইয়াৰ অন্যথা প্ৰাণে মৰাৰ ভাবুকি দিছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।উক্ত লোককেইজনৰ ভাবুকিত শংকিত হৈ ৰতন দাসে হোজাই আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ অংশ হিচাপে চলি থকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়তো ভুৱা লিগেচী ডাটা ব্যৱহাৰ কৰি বহুলোকে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বুলি ইতিমধ্যে বাতৰি ওলাইছে। এই ঘটনাই তেনে বাতৰিৰ সত্যতাকে প্ৰতিপন্ন কৰে বুলিও সচেতন মহলে মত ব্যক্ত কৰিছে।