ভূটানৰ আন দুজন আগ শাৰীৰ খেলুৱৈয়ে খেলিব আই লীগত

Dorji

মিনাৰ্ভাৰ বাবে চুক্তিবদ্ধ হোৱা Jigme Tshering Dorji.

ভাৰতৰ অতি মৰ্য্যাদাপূৰ্ণ ফুটবল লীগ আই লীগত ভূটানৰ দুজনকৈ আগ শাৰীৰ খেলুৱৈয়ে খেলাৰ কথা এক প্ৰকাৰৰ চূড়ান্ত হৈছে। দুয়োজনকে চুক্তিবদ্ধ কৰাইছে আই লীগৰ আগ শাৰীৰ দল মিনাৰ্ভা পাঞ্জাব এফ চিয়ে। জানিব পৰা মতে দুয়োজন খেলুৱৈয়ে তেওঁলোকৰ ট্ৰায়েল দিবৰ বাবে ইতিমধ্যে ভাৰতত উপস্থিত হৈছেহি আৰু আজিৰ পৰা তেওঁলোকৰ ট্ৰায়েল আৰম্ভ হোৱাৰ কথা।

মিনাৰ্ভৰ এটা সূত্ৰই কোৱা মতে খেলুৱৈ দুজনৰ নাম হ’ল ক্ৰমে নিমা ৱাংগদি আৰু জিগমে শ্বেৰিং দৰ্জী। দুয়োজন ডিফেণ্ডাৰ। নিমা ৰাইট বেক হোৱাৰ বিপৰীতে জিগমে হ’ল চেণ্টাৰ বেক। দুয়োজনে নেপালৰ হৈ 2019 AFC Cup Asian Qualifier ৰ খেলবোৰত খেলাৰ অভিজ্ঞতা আছে। নিমাই যোৱা ২০১৬ চনতহে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱাৰ বিপৰীতে জিগমেই খেলিছে ২০১১ চনৰ পৰা।

উল্লেখযোগ্য যে এই পৰ্য্যন্ত লীগৰ ৰেংকিং তালিকাত দ্বিতীয় স্থানত থকা মিনাৰ্ভাই এইবাৰৰ আই লীগৰ আৰম্ভণিতেই আন এজন ভূটানীজ খেলুৱৈক চুক্তিবদ্ধ কৰাইছিল। চেনচৌ গিল্টচেন নামৰ এইজন ভূটানী ফ’ৰৱাৰ্ডে এইবাৰ লীগত মিনাৰ্ভাৰ উন্নত প্ৰদৰ্শনত বৃহৎ ভূমিকা লোৱা দেখা গৈছে। মিনাৰ্ভাৰ সমৰ্থকৰ মাজত তেওঁ ইতিমধ্যে ভূটানীজ ক্ৰিষ্টিয়ানো ৰোনাল্ডো নামেৰে পৰিচিত হৈ পৰিছে।

এই পৰিপ্ৰেক্ষিতত নতুনকৈ চুক্তিবদ্ধ হোৱা ভূটানৰ এই দুজন খেলুৱৈক লৈয়ো মিনাৰ্ভাৰ সমৰ্থক নিশ্চয়কৈ আশাবাদী হোৱাই স্বাভাৱিক। ভাৰতীয় জলবায়ুজনিত পৰিৱেশৰ মাজত বিশেষ তফাৎ নথকাত খেলুৱৈকেইজনে স্বছন্দে খেলাৰ যথেষ্ট সম্ভাৱান আছে।