NORTHEAST NOW (Assamese)

ভূমিস্খলনৰ বাবে বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথত যান-বাহনৰ ওপৰত নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি প্ৰশাসনৰ

June 18, 2018 8:51 pm · ডেমিয়েন লেপচা
প্ৰতিনিধিত্বমূলক ফটো

আজি অৰুণাচলৰ পশ্চিম কামেং জিলা প্ৰশাসনে বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথত যান-বাহনৰ চলাচলৰ ওপৰত যাতায়াত নিষেধাজ্ঞাৰ সময় বৃদ্ধি কৰিছে। এই নিষেধাজ্ঞা জুনৰ ২৪ তাৰিখলৈকে বলৱৎ থাকিব। আজি বমডিলাৰ ওচৰৰ ছেছাত সংঘটিত শেহতীয়া ভূমিস্খলনৰ পাছত পশ্চিম কামেং জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।

বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথটো হৈছে অৰুণাচলৰ পূব কামেং,পশ্চিম কামেং আৰু টাৱাং জিলাৰ বাবে জীৱনৰেখা স্বৰূপ। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত এই পথচোৱাৰ বিভিন্ন অংশত সংঘটিত ভয়াবহ ভূমিস্খলনৰ বাবে এই পথচোৱাত যান-বাহনৰ চলাচল ১৫জুনৰ পৰা বন্ধ হৈ আছে।

এই পথত সংঘটিত ভূমিস্খলনৰ ভয়াবহতা লক্ষ্য কৰি পশ্চিম কামেং জিলা প্ৰশাসনে ১৫ৰ পৰা ১৭ জুনলৈকে এটা নিষেধাজ্ঞা বলৱৎ কৰিছিল। কিন্তু আজি সংঘটিত শেহতীয়া ভূমিস্খলনৰ পাছত এই পথে ব্যৱহাৰ কৰা যাত্ৰীসকলৰ জীৱনৰ প্ৰতি সাম্ভাব্য ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই নিষেধাজ্ঞাৰ সময়সীমা ২৪ তাৰিখলৈ বৃদ্ধি কৰিছে।

এই একেই বাৰ্তা পুব কামেং, টাৱাং আৰু অসমৰ শোণিতপুৰ জিলা প্ৰশাসনলৈকেও প্ৰেৰণ কৰা হৈছে।

তাৰোপৰি, বিআৰটিএফৰ ১৪ নং কোম্পানীক আজিবালিপৰা-চাৰিদুৱাৰ-টাৱাং পথ পুনৰ্নিৰ্মাণ কৰাৰ বাবে যাৱতীয় নিৰ্দেশ প্ৰদান কৰা হৈছে।

চৰকাৰী সূত্ৰই নিশ্চিতি প্ৰদান কৰিছে যে জিলাখনত পৰ্যাপ্ত খাদ্যশস্য মজুত আছে। অৱশ্যে ৰন্ধন গেছৰ কিছু নাটনি হৈছে বুলি প্ৰশাসনে জানাইছে। বমডিলাত থকা একমাত্ৰ পেট্ৰ’ল ডিপোটো ইতিমধ্যে বন্ধ হৈ পৰিছে কিন্তু আশা কৰা গৈছে যে এদিন বা দুদিনতে এই ডিপোটোত পেট্ৰলজাত সামগ্রী উপলব্ধ হ’ব। পশ্চিম কামেং আৰু টাৱাঙলৈ যাব বিচৰা সকলে ওৰাং-কাটাকটাং-শ্বেৰগাঁও-ৰূপা-টেংগা বিকল্প পথেৰে যাব পাৰিব। যদিওবা এই পথটো তেজপুৰৰ মিশ্যন চাৰিআলিৰ পৰা এটা দীঘলীয়া পথ তথাপি এইটো হৈছে দ্বৈত পথযুক্ত সকলো বতৰতে যাতায়াত কৰিব পৰা পথ।

Related News