মকৰ সংক্ৰান্তি উদযাপনৰ উচাহৰ ধল দেখা গৈছে ত্ৰিপুৰাতো

ৰংগুলি অঁকাত ব্যস্ত ত্ৰিপুৰাৰ তিলথৈ গাৱঁৰ যুৱতী।

ধনু ৰাশিৰ পৰা মকৰ ৰাশিলৈ সূৰ্য্যৰ গমনৰ ফলত শীত ঋতুৰ বিদায়ৰ ক্ষণ আৰম্ভ হয়। সমগ্ৰ ভাৰতীয় সকলৰ বাবে এই দিনটোৰ বিশেষ তাৎপৰ্য্য আছে। এই দিনটোক উৎসৱৰ মাজেৰে উদযাপন কৰাৰ পৰম্পৰা ভাৰতৰ বিভিন্ন ঠাইত অতীজৰে পৰা দেখিবলৈ পোৱা যায়।

উত্তৰ ভাৰতত ইয়াক কোৱা হয় লহৰি, মধ্য ভাৰতত কোৱা হয় সুকৰি আৰু দক্ষিণ ভাৰতত কোৱা হয় পংগল। আন কিছুমান অঞ্চলত কোৱা হয় মকৰ সংক্ৰান্তি।

কৃষিজীৱী অসমীয়াই একেটা উৎসৱকে কৃষিৰ লগত জড়িত কৰি উদযাপন কৰি আহিছে অতীজৰে পৰা। ইয়াক মাঘ বিহু বুলি কোৱা হয়। খেতি চপোৱাৰ পিছতে আৰম্ভ হোৱা এই উৎসৱৰ সময়ছোৱাত একেবাৰে নিঃস্বজনৰো অভাৱৰ মোনাটো কিছু পূৰ হৈ থাকে বাবে এই উৎসৱক ভোগালী উৎসৱ বুলি কোৱাৰো পৰম্পৰা আছে।

ত্ৰিপুৰাতো ইয়াক মকৰ সংক্ৰান্তি বুলি কোৱা হয় আৰু অসমৰ দৰে এই উৎসৱ ত্ৰিপুৰাতো প্ৰধানকৈ কৃষিৰ সৈতে জড়িত। আনকি ত্ৰিপুৰীসকলেও এই উৎসৱৰ সময়ত পিঠাপনা তৈয়াৰ কৰাৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। তেওঁলোকেও অসমীয়া মানুহৰ দৰে চাউলৰ পৰা প্ৰস্তুত কৰা পিঠা অতিথিক দিয়ে। ত্ৰিপুৰীসকলে ইয়াক পিঠে বুলি কয়।

তেওঁলোকে নিজৰ নিজৰ ঘৰৰ চোতালত বা ঘৰৰ মজিয়াত ৰংগুলিও অংকন কৰে। ৰংগুলি হ’ল বিভিন্ন্ ৰং ব্যৱহাৰ কৰি মাটিত অঁকা ৰংচঙীয়া চিত্ৰ। ত্ৰিপুৰাৰ বাঙালীসকলৰ মাজত ই আল্পনা বুলিও পৰিচিত।

এইবাৰো অসমৰ দৰেই ত্ৰিপুৰাতো এই মকৰ সংক্ৰান্তিৰ উচাহ দেখা গৈছে। গাওঁবোৰত জীয়ৰী-বোৱাৰীৰ মাজত ৰংগুলি অঁকাৰ ধুম উঠিছে। আনকি এইবোৰক লৈ কোনো কোনো ঠাইত প্ৰতিযোগিতাও হৈছে।

জানিব পৰা মতে ত্ৰিপুৰাতো এই কৃষিভিত্তিক উৎসৱৰ সময়ত খোৱা-বোৱাত বিশেষ গুৰুত্ব দিয়া হয়।