মকৰ সংক্ৰান্তি উপলক্ষে পঁচিশ হাজাৰতকৈয়ো অধিক তীৰ্থযাত্ৰীয়ে ভ্ৰমণ কৰিলে পৰশুৰাম কুণ্ড

পৰশুৰাম কুণ্ড মেলাঃ ফাইল ফটো

অৰুণাচল প্ৰদেশত অৱস্থিত পৰশুৰাম কুণ্ডত দেওবাৰে মকৰ সংক্ৰান্তিৰ দিনটোত দেশ-বিদেশৰ ২৫,০০০ কৈয়ো অধিক তীৰ্থযাত্ৰী তথা পৰ্যটকে ভ্ৰমণ কৰে তথা পৱিত্ৰ স্নানত ভাগ লয়।

ৰাজ্যখনৰ জনসংযোগ বিভাগৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। তদুপৰি ৱাক্ৰোৰ অতিৰিক্ত সহকাৰী আয়ুক্ত ডি ৰিবাইও এই তথ্য সদৰি কৰিছে। ৰিবা পৰশুৰাম কুণ্ড মেলাৰ দায়িত্বত আছে।

‘’অৱশ্যে ভ্ৰমণ কৰা তীৰ্থযাত্ৰী তথা পৰ্যটকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে কিয়নো উক্ত আগবঢ়োৱা তথ্য কেৱল ৱাক্ৰো মহকুমাৰহে। তেজু-তোহানগাম পথৰে অহা পৰ্যটক তথা তীৰ্থযাত্ৰীৰ সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই,’’-প্ৰতিবেদনত এইবুলি প্ৰকাশ পাইছে।

মেলাৰ দায়িত্বত থকা বিষয়া ডি ৰিবাই জনায় যে এতিয়ালৈকে ১২১১ খন গাড়ী ৱাক্ৰো পৰীক্ষণ চকীৰে প্ৰৱেশৰ পঞ্জীয়ন হৈছে। ইয়াৰ ভিতৰত ২২৯ খন ডাঙৰ যাত্ৰীবাহী গাড়ী, ১১৩ খন মজলীয়া আৰু ৮৪৯ খন সৰু গাড়ী আছে।

পৰশুৰাম কুণ্ডত বাহৰ পাতি থকা লোহিত জিলাৰ উপায়ুক্ত কৰ্মা লেকিয়ে এই মেলাখন সফল আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। তেওঁ কুণ্ড ক্ষেত্ৰত সকলোবোৰ আয়োজন তথা কাম কাজৰ তদাৰক কৰিছে।

পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি অসামৰিক আৰক্ষীৰ লগতে চিআৰপিএফ আৰু আইআৰবি জোৱানক শান্তি শৃংখলা বজাই ৰখাৰ বাবে নিয়োগ কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন বেচৰকাৰী সংস্থা তথা ৱাক্ৰোৰ এখন স্কুলৰ স্বেচ্ছাসেৱকসকলে কৰ্তৃপক্ষক সহায় কৰিছে।

লোহিত জিলাৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে যে পৰশুৰাম কুণ্ড মেলাৰ পোনপোটীয়া প্ৰচাৰ www.lohittourism.in নামৰ ৱেৱচাইটৰ যোগেদি কৰা হৈছে। সেনা, আইটিবিপি আৰু অসামৰিক প্ৰশাসনে অস্থায়ী চিকিৎসা শিৱিৰ তথা চিকিৎসা কেন্দ্ৰ স্থাপন কৰিছে।

বৰ্তমানলৈকে পৰশুৰাম কুণ্ডত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতৰ উদ্ভৱ হোৱা নাই। চুবুৰীয়া ৰাজ্য অসমৰ পৰাও বহু পৰ্যটক এই মেলাত যোগদান কৰিছে।