মঙলদৈত আছুৰ উদ্যোগত সপ্তাহজোৰা গ্ৰন্থমেলাৰ আয়োজন

Mangaldai-book-fair-570x320

সদৌ অসম ছাত্ৰ সন্থাৰ (আছুৰ) মঙলদৈ শাখাই মঙলদৈ মহাবিদ্যালয় ছাত্ৰ সন্থা গোটৰ সহযোগত শুকুৰবাৰৰ পৰা মঙলদৈ মহাবিদ্যালয় খেলপথাৰত এসপ্তাহ জোৰা এখন গ্ৰন্থমেলাৰ আয়োজন কৰিছে।

অসম আন্দেলনৰ শ্বহীদসকলৰ স্মৃতিত এই গ্ৰন্থমেলাখনৰ আয়োজন কৰা হৈছে।

যুৱ প্ৰজন্মৰ এগৰাকী কবি তথা লেখক আৰু আছুৰ উপ সভাপতি মনি মাধৱ মহন্তই মঙলদৈ গ্ৰন্থ উৎসৱ-২০১৮’খন আনুষ্ঠানিকভাৱে মুকলি কৰে। গ্ৰন্থমেলাখনত ৰেখা প্ৰকাশন, আৰ জি প্ৰকাশনকে ধৰি ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন গোষ্ঠী আৰু গ্ৰন্থ বিক্ৰেতা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।

গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় গ্ৰন্থপ্ৰেমীৰ উপস্থিতিত এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়।

ছাত্ৰসমাজক উদ্দেশ্যি জ্যেষ্ঠ আছু নেতা মহন্তই গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব আৰু এগৰাকী পাঠকৰ বাবে এখন গ্ৰন্থ কেনেদৰে এগৰাকী উৎকৃষ্ট বন্ধু তথা পথদ্ৰষ্টা হ’ব পাৰে সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়।

দৰং জিলাৰ আছুৰ সভাপতি খনীন্দ্ৰ ৰাজবংশীয়ে আঁতধৰা অনুষ্ঠানটোত মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক পৰেশ চন্দ্ৰ শৰ্মা, দৰং জিলা আছুৰ উপদেষ্টা অৰূপ কুমাৰ কলিতা, ইয়াৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া আৰু জিলা সমিতিৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে সপ্তাহজোৰা গ্ৰন্থ উৎসৱৰ সময়ছোৱাত শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে। ইয়াৰ ভিতৰত আলোচনা চক্ৰ, কবি সন্মিলন, গ্ৰন্থ উন্মোচন, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ক্ষেত্ৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে গছ পুলি ৰোপন ইত্যাদি কাৰ্যসূচী সন্নিৱিষ্ট কৰা হৈছে।