মঙলবাৰৰ পৰা আৰম্ভ নামনি অসমৰ ঐতিহাসিক সৰ্থেবাৰী সভা

Representative image

নামনি অসমৰ এখন উল্লেখযোগ্য সভা মহোৎসৱ হ’ল ঐতিহ্যমণ্ডিত সৰ্থেবাৰী সভা। এইবাৰ ১৫২ সংখ্যক শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা  মহোৎসৱখন ৩০ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ আয়োজন কৰিছে। প্ৰতিবছৰে পবিত্ৰ মাঘী পূৰ্ণিমা কলিযুগাদ্যা তিথিত উদ্‌যাপন কৰি অহা হৈছে এই ঐতিহাসিক সভা মহোৎসৱ। মহোৎসৱখনত প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হোৱা দেখা যায়।  

এক সংগ্ৰামী ইতিহাসৰ ধাৰা বহনকাৰী এই বিখ্যাত সভা মহোৎসৱখন আধ্যাত্মিক চিন্তা-চেতনাৰ লগতে বৰ্ণিল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপনৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি নিজকে তোলা হৈছে।  শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ শ্ৰী চৰণত পুষ্পাঞ্জলি অপৰ্ণ কৰি নিজকে উৎসৰ্গিত কৰাৰ লগতে জগতৰ মংগলৰ বাবে গোসাই উলিওৱা উৎসৱ, হোমযজ্ঞ, ভাগৱত পাঠ, নাম-প্ৰসংগ আদি ধৰ্মীয় মাংগলিক অনুষ্ঠানৰ সমান্তৰালকৈ বৃহৎ বাণিজ্য মেলা, ভ্ৰাম্যমাণ নাট্য দলৰ নাট প্ৰদৰ্শন, ঢুলীয়া প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচীৰ সমাহাৰ ঘটিব।

উল্লেখ্য যে সৰ্থেবাৰীৰ সভা  মহোৎসৱ উপলক্ষে বিগত একাদশী তিথি অৰ্থাৎ পোন্ধৰ দিন পূৰ্বৰ পৰা সভাৰ প্ৰস্তুতি সন্দৰ্ভত দিনে নিশা সৰ্থেবাৰীৰ বিখ্যাত বৰনামঘৰৰ সন্মুখত মুকলি আকাশৰ তলত পৰম্পৰা অনুসৰি সভাৰ ‘মেল’ অনুষ্ঠিত হৈ যায়।  সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ বাবে আৱেগ বিজড়িত এই মেলতেই সভা মহোৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ উপৰি সমাজৰ সকলো দায়-জেঙা নিষ্পত্তি কৰা হয়।  

মঙলবাৰে পুৱা সমূহীয়া চাফাই অভিযানৰ লগতে  শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা  মহোৎসৱ উপলক্ষে সৰ্থেবাৰীৰ স্থানীয় ৰাইজৰ  শ্ৰমদানৰে একেদিনাই সাজি উলিয়াব বৰনামঘৰৰ সন্মুখত বিশাল ৰভা। সৰ্থেবাৰীৰ সভা  মহোৎসৱৰ ৰভা সজা পৰম্পৰাগত এই নিয়মো এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

সৃমবাৰে সন্ধিয়া সৰ্থেবাৰীৰ প্ৰতিঘৰ লোকৰ পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে অতি উলহ-মালহেৰে গোসাই উলিওৱা উৎসৱ পালন কৰা হ’ব।  সৰ্থেবাৰীৰ চুবুৰিয়ে চুবুৰিয়ে থকা-প্ৰসংগৰে সমদলৰে আদৰি আনি সৰ্থেবাৰী সভাৰখলাৰ বৰনামঘৰত গোসাই সংস্থাপন কৰা হয়।

গোসাই স্থাপন কাৰ্যসূচীৰ পিছতে বৰপেটাৰ আতচবাজী প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ ঠিক পিছতে ঢুলীয়া দলৰ ঢুলীয়া সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে  নাগাৰা নামো পৰিবেশন কৰা হ’ব।  ৩১ জানুৱাৰীত পুৱাৰে পৰা বিগ্ৰহৰ সন্মুখত  ৰাজহুৱা বন্তি প্ৰজ্বলন, জাগৰণ, ভকতনীৰ নাম-প্ৰসংগ আৰু পুৱাৰ মেল অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।