মণিপুৰত অতি শীঘ্ৰে স্থাপন কৰা হ’ব বিশ্ব পৰ্যায়ৰ ফুটবল একাডেমী: ৰাজ্যৱৰ্দ্ধন সিং ৰাথোৰ

Union Minister of Youth Affairs and Sports Rajyavardhan Singh Rathore with Manipur students

উত্তৰ-পূৰ্বাঞ্চলক ক্ৰীড়াৰ দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে ক্ৰীড়া মন্ত্ৰালয়ে অতি শীঘ্ৰে মণিপুৰত এখন বিশ্ব পৰ্যায়ৰ ফুটবল একাডেমী স্থাপন কৰিব বুলি বৃহস্পতিবাৰে ঘোষণা কৰে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৰাজ্যৱৰ্দ্ধন সিং ৰাথোৰে।

দেশৰ ৰাজধানীস্থিত শাস্ত্ৰী ভৱনত মণিপুৰৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনাত মিলিত হোৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে।

উল্লেখ্য যে আছাম ৰাইফলছৰ চাজিক টামপাক বেটেলিয়নে আয়োজন কৰা ৰাষ্ট্ৰীয় সংহতি মূলক ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে এই ছাত্ৰ-ছাত্ৰীসকলৰ দলটো দিল্লীলৈ গৈছে।

‘কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁলোকে মণিপুৰ ফুটবল ক্ষেত্ৰখনৰ উন্নয়ন সাধনৰ বাবে কিছু পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ জনাইছে। মণিপুৰৰ আঠগৰাকীকৈ খেলুৱৈয়ে ফিফা অনুৰ্ধ ১৭ বছৰীয়া ভাৰতীয় ফুটবল দলটোক প্ৰতিনিধিত্ব কৰে। কিন্তু অতি পৰিতাপৰ কথা যে এই আটাইকেইগৰাকী খেলুৱৈয়ে মণিপুৰৰ বাহিৰত অনুশীলন কৰিব লাগে। এই পৰিপ্ৰেক্ষিটত মণিপুৰৰ এখন নিজস্ব ফুটবল একাডেমী থকাটো অতিশয় প্ৰয়োজনীয়’, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

অলিম্পিক (ৰূপ) পদক বিজয়ী ৰাথোৰে আৰু কয় যে ক্ৰীড়া মন্ত্ৰালয়ে মণিপুৰৰ চৰকাৰৰ সৈতে সম্পূৰ্ণ সহযোগিতাৰে ৰাজ্যখনত এখন বিশ্ব পৰ্যায়ৰ ফুটবল একাডেমী স্থাপন কৰিব।

ৰাষ্ট্ৰীয় সংহতিৰ উদ্দেশ্যে ভ্ৰমণসূচীত যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দলটোৱে ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ আৰু সেনা প্ৰধান বিপিন ৰাৱটক লগ কৰাৰ উপৰি ৰাজধানীখনৰ বিভিন্ন ঐতিহাসিক ঠাইসমূহ পৰিদৰ্শন কৰে।