মণিপুৰত অসম ৰাইফলছৰ দ্বাৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

7 ULFA-I leaders surrender in Assam's Tinsukia, claims source

প্ৰতীকী ফাইল ছবি।

মণিপুৰৰ বিষ্ণুপুৰ জিলাত অলপতে অসম ৰাইফলছ আৰু বিষ্ণুপুৰ ক’মাণ্ডোয়ে চলোৱা এক যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই বিষ্ণুপুৰ জিলাৰ ইশোক মাখা লেইকাইৰ পাট অঞ্চলৰ পৰা উক্ত অস্ত্ৰ-শস্ত্ৰ সমূহ উদ্ধাৰ কৰা হয় বুলি কালি ইম্ফলৰ পৰা অসম ৰাইফলছৰ জনসংযোগ কাৰ্যালয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।

 

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত ২টা এম ১৬ ৰাইফল, ৪টা এ কে-৫৬ ৰাইফল আৰু লান্সাৰৰ সৈতে ১টা এ ৪ ৰাইফল আছে বুলি জানিব পৰা গৈছে।

অৱশ্যে উক্ত অস্ত্ৰ-শস্ত্ৰ সমূহ কেতিয়া উদ্ধাৰ হৈছে সেই কথা প্ৰেছ বিবৃটোত জনোৱা হোৱা নাই।