মণিপুৰত দুদিনীয়াকৈ বহনক্ষম উন্নয়ন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন

মণিপুৰৰ ইম্ফলত দুদিনীয়াকৈ ‘বিশ্বায়নৰ যুগত বহনক্ষম বিকাশ আৰু উত্তৰ-পূব ভাৰত’ শীৰ্ষক এখন দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। ইম্ফলৰ ডি এম কলেজ অৱ আৰ্টচ, জি পি অ’মেনচ কলেজ আৰু ইনষ্টিটিউট অৱ বায়’ ৰিচ’ৰ্চেজ এণ্ড চাচটেইনেবল ডিভেলপমেণ্টৰ সহযোগিতাত ফেডাৰেচন অৱ গৱৰ্নমেণ্ট কলেজ টিচাৰ্চ এচ’ছিয়েচনে এই সন্মিলনখনৰ আয়োজন কৰিছে।

ইম্ফল হোটেলৰ চাংগাই প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুষ্ঠিত হোৱা সন্মিলনখনৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মণিপুৰৰ শিক্ষা মন্ত্ৰী থকচম ৰাধেশ্যাম।

সন্মিলনখনৰ উদ্বোধনী ভাষণত শিক্ষামন্ত্ৰী ৰাধেশ্যামে কয় যে বহনক্ষম বিকাশৰ লগত বঞ্চনা,  সমৃদ্ধি আৰু দুৰ্দশাৰ ব্যাপক সম্পৰ্ক আছে। সুন্দৰ ধাৰণা সমূহক বিকাশমুখী কাৰ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাই তেওঁ কয় যে ‘বহনক্ষম বিকাশক প্ৰাসংগিক বুলিব পাৰি’ যিহেতু ই ভৱিষ্যতৰ প্ৰজন্মসমূহৰ ক্ষতি নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণৰ পথ দেখুৱাই। সেয়ে তেওঁৰ মতে পৃথিৱীখনৰ উত্তৰোত্তৰ উন্নতিৰ বাবে প্ৰয়োজনীয় খোজবোৰ সাৱধানে দিবলৈ অতীত, বৰ্তমান আৰু ভৱিষ্যতক বুজাটো অত্যন্ত জৰুৰী যাতে আহিব লগা প্ৰজন্ম সমূহৰ বাবে বহনক্ষম বিকাশ সাধিব পৰা যায়। তাৰ বাবে তেওঁৰ মতে বিশ্ব জনীনভাৱে ভবা, স্থানীয় সমস্যাসমূহ চিনাক্ত কৰা আৰু স্থানীয়ভাৱে কাম কৰাৰ প্ৰয়োজন।

সন্মিলনখনৰ আয়োজক সকলে জনোৱা অনুসৰি সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চল আৰু বিশেষকৈ মণিপুৰলৈ লক্ষ্য ৰাখি বিকাশৰ নৱোদিত ধাৰা আৰু প্ৰত্যাহ্বান সমূহ সম্পৰ্কে আলোচনা কৰাৰ বাবে এই সন্মিলখন আয়োজন কৰা হৈছিল।

অৰ্থনীতি, ৰাজনৈতিক অৰ্থনীতি আৰু পৰিৱেশৰ বিষয়ে আলোকপাত ( আমন্ত্ৰিত সকলৰ প্ৰত্যেককে ২০ মিনিটকৈ), অৰ্থনৈতিক উন্নয়নৰ নীতি নিৰ্ধাৰণ, সমৃদ্ধি আৰু খাদ্য নিৰাপত্তা, জৈৱ সম্পদ পৰিচালনা আৰু বহনক্ষম বিকাশ, গুণগত শিক্ষা আৰু বিকাশ, পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত নতুন পথ, লিংগ সাম্যতা আৰু নাৰী সবলীকৰণ, বিকাশৰ ক্ষেত্ৰত অসাম্য আৰু বিভিন্নতা হ্ৰাসকৰণ, ন্যায়ৰ ক্ষেত্ৰত উদ্ভাৱনী পথ, শান্তিপূৰ্ণ আৰু অংশ গ্ৰহণমূলক সমাজ আৰু বহনক্ষম বিকাশৰ বাবে নতুন সহযোগীৰ সন্ধান ইত্যাদি বিষয় সম্পৰ্কে সন্মিলনখনত আলোচনা কৰা হয়।