মণিপুৰত পৌমাই থাউনি উৎসৱ উদযাপন

পৌমাই উৎসৱত মুখ্যমন্ত্ৰী বীৰেন সিং

পৌমাই উৎসৱলৈ যোৱাৰ মুহূৰ্তত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিং

পৌমাই সম্প্ৰদায়ৰ আটাইতকৈ ডাঙৰ পৰম্পৰাগত উৎসৱ পৌমাই থাউনি শুকুৰবাৰে মণিপুৰৰ সেনাপতি জিলাৰ থিংবা খুনউ গাঁৱত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ আয়োজন কৰিছে পৌমাই নাগা ইউনিয়ন আৰু থিংবা খুনউৱে।

মমিপুৰৰ মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ কেবিনেটৰ কেইবাগৰাকীও সতীৰ্থৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৌমাই সম্প্ৰদায়ৰ এটা ঐতিহ্য ক্ষেত্ৰ ৰাজ্য চৰকাৰে ছৰানামেই গাঁৱত স্থাপন কৰিব। ইয়াত সম্প্ৰদায়টোৰ ঐতিহাসিক উপাদান আৰু প্ৰাচীন সামগ্ৰীসমূহ সংৰক্ষণ তথা সুৰক্ষিত কৰা হ’ব।

তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ ইম্ফল কেন্দ্ৰত সন্ধিয়া ৬.২০ বজাৰ পৰা ৬.৫০ বজালৈ পৌমাই ভাষাৰ কাৰ্যসূচী সম্প্ৰচাৰৰ অনুৰোধটো সংশ্লিষ্ট পক্ষলৈ পঠিয়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে পৌমাই ৰাইজক আশ্বাস দিয়ে যে পৌমাই থাউনিৰ দিনটো ৰাজ্যখনত সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ দাবীটো আলোচনা কৰা হ’ব।

বিভিন্ন ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা নতুন আঁচনিৰ কথা উল্লেখ কৰি বীৰেন সিঙে কয় যে চৰকাৰে ২১ জানুৱাৰীৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ দিনাখনেই দুখন পৃথক কল্যাণমূলক আঁচনি ঘোষণা কৰিব। উক্ত দিনটোত ‘হাকশেলগি টেঙবেং’ (মণিপুৰ স্বাস্থ্য সুৰক্ষা আঁচনি) খন মুকলি কৰা হ’ব আৰু পৰৱৰ্তী দিনটোৰ পৰা ই কাৰ্যকৰী হ’ব। এই আঁচনিত দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ বাবে ২ লাখ টকালৈকে নগদবিহীন সেৱাৰ সুবিধা থাকিব।

তদুপৰি, উক্ত দিনটোতে পাৰ্বত্য জিলাৰ সদৰত ১০ খন সকলো সুবিধাযুক্ত এম্বুলেন্স আগবঢ়োৱা হ’ব। ই পাহাৰীয়া ৰাইজে সন্মুখীন হৈ অহা অসুবিধাসমূহ হ্ৰাস কৰিব আৰু ভিতৰুৱা অঞ্চলৰ পৰা ৰোগীক স্বাস্থ্যকেন্দ্ৰ তথা হাস্পাতললৈ লৈ অনাৰ সুবিধা আগবঢ়াব। তেওঁ লগতে যোগ দিয়ে যে পাহাৰীয়া জিলাৰ বিভিন্ন গাঁৱৰ মুখীয়ালসকলৰ বাবে ইম্ফলৰ ৰয়েল পেলেচৰ চৌহদত এটা অতিথিশালা নিৰ্মাণৰ বাবে ১১ কোটি টকা ধাৰ্য কৰা হৈছে।

এই উৎসৱৰ সময়ত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, গীত, নৃত্য আদি প্ৰদৰ্শিত হয়। এই উৎসৱৰ অনুষ্ঠানত উপস্থিত হোৱা বিশিষ্ট অতিথিসকলক পৰম্পৰাগত চাদৰ আৰু উপহাৰেৰে সম্বৰ্দ্ধনা জনোৱা হয়।