মণিপুৰত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে দুদিনীয়া আদা মহোৎসৱ

manipur

ৰাজ্যখনৰ আদা খেতিয়কসকলক উৎসাহিত কৰা তথা উৎপাদিত উৎকৃষ্ট মানৰ আদা আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ নিয়াৰ মানসেৰে শুকুৰবাৰৰ পৰা মণিপুৰত দুদিনীয়াকৈ আৰম্ভ কৰা হৈছে আদা মহোৎসৱ আৰু ব্যৱসায়িক সন্মিলন।

উল্লেখযোগ্য যে মণিপুৰৰ ফেৰজাউল জিলাৰ পুৰবাঙত অনুষ্ঠিত এই মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে।

এই মহোৎসৱখনৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়া, সামগ্ৰী প্ৰদৰ্শন, কৰ্মশালা আদিৰো আয়োজন কৰিছে আয়োজকসকলে।

উদ্বোধনী অনুষ্ঠানটোত মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ উপৰি বন আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী শিভমকুমাৰ, মণিপুৰ জনজাতি উন্নয়ন নিগম চমুকৈ এমটিডিচিৰ অধ্যক্ষ ভি ভাল্টে, মুখ্য সচিব জে সুৰেশ বাবুৰ লগতে অন্যন্য চৰকাৰী কৰ্মচাৰীসকল উপস্থিত আছিল।

মহোৎসৱখনি উদ্বোধন কৰি মুখ্য মন্ত্ৰী বীৰেন সিঙে কয়— ‘ছ’লাৰ ড্ৰায়াৰ, পেকেজিঙৰ ব্যৱস্থা থকা আদা উৎপাদনৰ গোট এটা অতি সোণকালে পাৰবুঙত স্থাপন কৰা হ’ব।আনহাতে প্ৰায় ২০০ হেক্টৰ ভূমিত আদা খেতি কৰিবলৈ চৰকাৰে প্ৰায় ৭৫ লাখ টকা ধাৰ্য কৰিছে বুলিও জানিবলৈ দিয়ে মুখ্য মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰাকৃতিক সম্ভাৰৰ সম্ভাৱনীয়তাৰ প্ৰসংগ উত্থাপন কৰি মুখ্য মন্ত্ৰী এন বীৰেন সিঙে লগতে প্ৰকাশ কৰে যে সমাগত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত ৰাজ্যখনত বিশ্ব বাঁহ অধিৱেশন (World Bamboo Conference) অনুষ্ঠিত হ’ব।