মণিপুৰত ১ কোটি ৭০ লাখ টকাৰ ড্ৰাগছ জব্দ, আটক এজন লোক

ASSAM RIFLES SEIZES CONTRABAND WORTH RS 1.70 CRORES

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন

সোমবাৰে মণিপুৰৰ ইম্ফল-ম’ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ খুডেংথাবি তালাচী চকীত ১২ নং আছাম ৰাইফলছৰ এটা দলে বৃহৎ পৰিমাণৰ হিৰোইন আৰু নিচাজাতীয় টেবলেটৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰী এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

জব্দ কৰা হিৰোইন আৰু টেবলেটখিনিৰ মূ্ল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ১ কোটি ৭০ লাখ হ’ব বুলি জানিব পৰা গৈছে। এই সকলো কথা সোমবাৰে আছাম ৰাইফলছ (দক্ষিণ)ৰ জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে।

প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰি কয়- ‘সোমবাৰে দুপৰীয়া ঠিক ১২ মান বজাত এখন ৰূপোৱালি ৰঙৰ মাৰুতি ইক’ ভানৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ম’ৰেৰ পৰা ইম্ফললৈ কঢ়িয়াই লৈ যাব বুলি তথ্য লাভ কৰিছিলো। আৰু সেই তথ্যৰ ভিত্তিতে গাড়ীখনৰ লগতে সকলো সামগ্ৰী জব্দ কৰা হয়’।

জানিব পৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আছাম ৰাইফলছৰ দলটোৱে মুঠ ২৩০ গ্ৰাম হিৰোইন আৰু ১১ হেজাৰটা নিচাজাতীয় টেবলেট জব্দ কৰে। ৰাইফলছৰ দলটোৱে জানিবলৈ দি কয় যে ধৃত সৰবৰাহকাৰীজনে অতি চতুৰালী তথা কৌশলীভাৱে চালকৰ আসনৰ তলত বেগত সামগ্ৰীখিনি লুকুৱাই আনিছিল।

আছাম ৰাইফলছৰ প্ৰাৰম্ভিক তদন্তত আটকাধীন চালকজনে নিচাজাতীয় সামগ্ৰীখিনি ১৫ হেজাৰ টকাৰ বিনিময়ত চুৰাচন্দপুৰ জিলালৈ আনিছিল বুলি উল্লেখ কৰে। আটকাধীন ৫৫ বছৰীয়া লোকজনে নিজকে টেংনৌওপাল জিলাৰ নিবাসী বুলি কয়।

পাছত আছাম ৰাইফলছৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰীজনক ম’ৰে আৰক্ষী থানাক গতাই দিয়ে আৰু বৰ্তমান আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰখা বুলি জনায়।

উল্লেখ্য যে চলিত বছৰৰ জানুৱাৰি মাহৰ পৰা বৰ্তমানলৈকে আছাম ৰাইফলছৰ অভিযানকাৰী দলে প্ৰায় ৪৩ কোটি টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱা বুলিও প্ৰেছ বিজ্ঞপ্তিখনৰ জৰিয়তে প্ৰকাশ কৰে।