মণিপুৰীসকলৰ নৱবৰ্ষ চাজিবু চেইৰাওবা ৰাজ্যজুৰি উদযাপন

Sajibu Cheiraoba

আজি নতুন মণিপুৰী বছৰ চাজিবু চেইৰাওবা সমগ্ৰ মণিপুৰ জুৰি উদযাপন কৰা হয়। মণিপুৰী বৰ্ষৰ প্ৰথম বছৰটোৰ নাম হ’ল চাজিবু। এই নতুন বছৰৰ আৰম্ভণি হয় মাৰ্চৰ শেষত বা এপ্ৰিলৰ প্ৰথমভাগত।

ভগৱানৰ প্ৰতি ফুল, ফল আৰু অন্যান্য খাদ্যবস্তু দিয়াৰ পৰম্পৰাৰ মাজেৰে এই নৱবৰ্ষ উদযাপিত হয়। এইবোৰৰ লগত সংগতি ৰাখি পাহাৰ বগোৱা আদি ক্ৰীড়াৰো আয়োজন কৰা হয়।

অসমীয়াৰ বহাগ বিহুৰ দৰে এই উৎসৱতো বিশেষ বিশেষ খাদ্য বনোৱা হয়। অৱশ্যে অসমীয়াৰ বিহুৰ সৈতে ধৰ্মীয় দিশ জড়িত নাথাকে। কিন্তু মণিপুৰীসকলে এই চেইৰাওবা উৎসৱটোত তেওঁলোকে শাক-পাচলিৰ পৰা তৈয়াৰ কৰা বিবিধ খাদ্য দেৱতালৈ উৎসৰ্গা কৰে। তেওঁলোকে এইদৰে খাদ্য আগ বঢ়াই পৰিয়ালটোক ভালে-কুশলে ৰক্ষা কৰিবলৈ দেৱতাক প্ৰাৰ্থনা কৰে।

আনহাতে অসমীয়াৰ বিহুৰ দৰেই বিবাহিত মহিলাসকলে জ্যেষ্ঠসকলক আৰু ভাই-ভনীসকলক উপহাৰ দিয়ে। সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লয়।

আনহাতে ৰাজ্যপাল ড০ নাজমা হেপতুল্লাই আজি ৰাজ্যবাসীলৈ চাজিবু চেইৰাওবা উৎসৱ উপলক্ষে শুভেচ্ছাবাণী দিয়ে। তেওঁ নিজৰ বাণীত এই উৎসৱে সকলোলৈকে শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ আশা ব্যক্ত কৰে।

মুখ্য মন্ত্ৰী বীৰেন সিঙেও ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই উৎসৱে সকলোৰে মাজলৈ বুজাবুজি, শান্তি, প্ৰেম কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে। তেওঁৰ লগতে ৰাজ্যখনৰ নগৰ উন্নয়ন মন্ত্ৰী টি শ্যামকুমাৰ, আন দুজন মন্ত্ৰী ক্ৰমে টি বিশ্বজিৎ আৰু এল জয়ন্তকুমাৰেও ৰাজ্যবাসীক নৱবৰ্ষ উপলক্ষে শুভেচ্ছাবাণী জ্ঞাপন কৰে।

এই চাজিবু চেইৰাওবা উপলক্ষে মণিপুৰস্থিত সকলো বাতৰি কাকত প্ৰতিষ্ঠানৰ কাৰ্য্যালয় দিনটোৰ বাবে বন্ধ থাকে।