মণিপুৰৰ এজন ১১ বছৰীয়া শিশুৱে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে ৰবট

Representative Image

মণিপুৰৰ এজন ১১ বছৰীয়া শিশুৱে সাজি উলিয়াইছে এটা ৰবট। য়াৰালপাট মেগা মণিপুৰ স্কুলৰ ছাত্ৰ অভিনন্দন দাসে পেলনীয়া ইলেকট্ৰনিক’ছ সামগ্ৰী, চিৰিঞ্জ আৰু মোবাইল ফোনৰ বিভিন্ন অংশৰে এই ৰবটটো সাজি উলিয়াইছে। পঞ্চম শ্ৰেণীত পঢ়ি থকা অভিনন্দন দাসে ৰবটটোৰ নামাকৰণ কৰিছে মেগানণ্ড-১৮ নামেৰে।

‘ৰবটটো মেগানণ্ড-১৮ নামাকৰণ কৰা হৈছে কিয়নো ইয়াৰ অন্তৰ্নিহিত অৰ্থটো হ’ল,  মেগানণ্ড-১৮ ৰ প্ৰথম অংশ ‘মেগা’ লোৱা হৈছে পঢ়ি থকা মেগা মণিপুৰ স্কুলৰ পৰা, ‘আনন্দ’শব্দটো নিজৰ নাম অভিনন্দনৰ পৰা আৰু ১৮ ই ২০১৮ চনত ৰবটটো সাজি উলিওৱাৰ কথা কৈছে’  অভিনন্দনে এইদৰে কয়।

এই ৰবটটো সাজি উলিওৱাৰ বাবে অভিনন্দনে কাৰোৰে পৰা কোনো ধৰণৰ সহয় লোৱা নাই বুলি জনায়। তদুপৰি ৰবটো সম্পূৰ্ণ সাজু কৰি উলিওৱাবলৈ তেওঁ সময় লৈছে ১৫ৰ পৰা ২০ দিন।

‘এই ৰবটটো সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে পেলনীয়া সামগ্ৰীৰে। চিৰিঞ্জ, হৰলিক্সৰ পেলনীয়া বটল, ইলেকট্ৰ’নিক সামগ্ৰী, মোবাইল ফোনৰ সামগ্ৰী, এল ই ডি লেম্প আৰু অন্যান্য সামগ্ৰীৰে এই ৰবটটো প্ৰস্তুত কৰি উলিওৱা হৈছে’, জানিবলৈ দিয়ে অভিনন্দনে।

ৰবটটোৰ হাত দুখন সক্ৰিয় কৰিবলৈ হাইড্ৰ’লিক পদ্ধিতৰ সহায়ত সাজি উলিওৱা বুলি জনায়।

ছাত্ৰজনে পুনৰ কয়, ‘মই টেলিভিছনৰ কোনো এটা অনুষ্ঠান উপভোগ কৰি থাকোতে ৰবট বনোৱা দেখুৱাইছিল আৰু তেতিয়াৰ পৰাই মই ৰবট বনোৱাৰ প্ৰতি আগ্ৰহী’।