মণিপুৰৰ নদী অৱবাহিকাৰ বিষয়ে অধ্যয়ন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে কেন্দ্ৰই

মণিপুৰত সঘনাই হোৱা বানপানীৰ এক স্থায়ী সমাধান বিচাৰি উলিওৱাৰ গুৰুত্ব বিবেচনা কৰি কেন্দ্ৰীয় জলসম্পদ তথা নদী উন্নয়ন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাৰ অধ্যয়নৰ প্ৰসংগতে মণিপুৰৰ নদীৰ অৱবাহিকাৰ অধ্যয়নো অন্তৰ্ভুক্ত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।

শনিবাৰে অসমৰ কাজিৰঙাৰ বৰগছত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ নৱম সংখ্যক বৈঠকৰ সময়ছোৱাত উত্তৰ-পূবত ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ অধ্যয়নৰ সৈতে মণিপুৰৰ নদীৰ অৱবাহিকাৰ অধ্যয়নৰ বিষয়টো অন্তৰ্ভুক্ত কৰাত কেন্দ্ৰীয় মন্ত্ৰালয়ে অনুমোদন জনায়।

মণিপুৰৰ জলসম্পদ মন্ত্ৰী লেটপাও হাওকিপৰ লগতে মণিপুৰৰ জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা কেশ প্ৰীতম সিং আৰু কাৰ্যবাহী অভিযন্তা এ কে শৰত সিঙে উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা বৈঠকত উপস্থিত আছিল। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে সভাপতিত্ব কৰা উক্ত বৈঠকত মণিপুৰৰ মন্ত্ৰীগৰাকীয়ে প্ৰতিবছৰে মণিপুৰত উপৰ্যুপৰি হোৱা বানপানীৰ সমস্যাৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে।

২০১৭বৰ্ষত ৪৫ দিনৰ ভিতৰত পাঁচটাকৈ বানপানীয়ে মণিপুৰত ব্যাপক ক্ষতিসাধণ কৰিছে। লেটপাওৱে জনায় যে ৰাজ্যখনত সঘনাই হৈ থকা বানপানীৰ বিষয়ে অধ্যয়ন কৰি ইয়াক নিয়ন্ত্ৰণ তথা কাৰ্যকৰী ব্যৱস্থাপনাৰ দিশত এখন মাষ্টাৰ প্লেন প্ৰস্তুত কৰিবলৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰালয়ে ব্যক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানক দায়িত্ব অৰ্পন কৰিছে।

ৰাজ্যখনত থকা বৰাক নদীৰ অৱবাহিকা আৰু মণিপুৰৰ নদী অৱবাহিকা দুটাৰ প্ৰসংগ তুলি ধৰি তেওঁ কয় যে বৰাক নদীৰ অৱবাহিকাৰ কোনো প্ৰাসংগিকতা নাই কিয়নো ৰাজ্যখনত বানপানী সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ কোনো ভূমিকা নাই।

তেওঁ উল্লেখ কৰে যে প্ৰতি বছৰে বাৰিষা কালত দুই তিনিটা সজীৱ বানপানীয়ে ৰাজ্যখনৰ সা-সম্পত্তি, পশুধন আদিৰ ব্যাপক ক্ষতিসাধন কৰি ৰাজ্যখনৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। তেওঁ লগতে নদী অৱবাহিকাৰ এই অধ্যয়নৰ ক্ষেত্ৰত হ’বলগীয়া ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব লাগে। ৰাজ্যৰ সীমিত উৎসৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰক সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ আহ্বান জনায়।