• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ প্ৰথম ৰবট আৰ্হি নিৰ্মাতা থিয়াম নন্দলালক সম্বৰ্ধনা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2018 6:41 pm
মণিপুৰ ৰবট
286
VIEWS
Share on FacebookShare on Twitter

আজি এক কাৰ্যসূচীত মণিপুৰৰ প্ৰথম ৰবট আৰ্হি নিৰ্মাণকাৰী ছাত্ৰ থিয়াম নন্দলালক সম্বৰ্ধনা জনোৱা হয়। নন্দলাল ইম্ফল চহৰৰ জনষ্ট’ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।

বিদ্যালয় কৰ্তৃপক্ষ আৰু ইনফৰমেইচন চেণ্টাৰ ফৰ হিল এৰিয়াজ মণিপুৰৰ যুটীয়া উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ সঞ্চালক কিৰণ কুমাৰ আৰু ইনফৰমেইচন চেণ্টাৰ ফৰ হিল এৰিয়াজ মণিপুৰৰ মুখ্য উপদেষ্টা কাংগুজম মধুমংগলে অংশ গ্ৰহণ কৰে।

২০১৭ চনৰ ৰাজ্যিক বিজ্ঞান প্ৰদৰ্শনীত প্ৰথমস্থান দখল কৰা জনষ্ট’ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ নন্দলালে ১৯ জানুৱাৰিৰ পৰা হ’ব লগা আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰিব।

বিষ্ণুপুৰ জিলাৰ নাম্বোল বালাৰাম খুন মেনিং লেইকাইৰ থিয়াম ইশ্ব’ৰচান্দ আৰু থিয়াম চাওবিৰ ৬ টা সন্তানৰ দ্বিতীয়তম নন্দলালে আজিৰ অনুষ্ঠানতে তেওঁৰ ৰবট জন ১৭ (JON 17) ও প্ৰদৰ্শন কৰে।

JON 17 ৰ JO য়ে JOHNSTONE, Nএ  NANDALAL আৰু 17 ই  2017 চনক বুজাইছে।

চিৰিঞ্জ, হৰ্লিকচৰ বটল, বৈদ্যুতিক সামগ্ৰী, ম’বাইল ফোনৰ অংশ, এল ই ডি লাইট আৰু অন্যান্য পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা এই ৰবটটো সাজি উলিয়াবলৈ তেওঁক ১৫ ৰ পৰা ২০ দিনমান সময় লাগিছিল।

নন্দলালে কয়, ‘এখন ইংৰাজী চিনেমা চোৱাৰ পিছত মই ৰবটটো সজাৰ কাম আৰম্ভ কৰিছিলো। ৰবট ব্যৱহাৰ কৰি মই আমাৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰাখিব খোজো।’ তেওঁ লগতে কয়, ‘প্ৰথমে মোক মা-দেউতাই ইয়াক লৈ বহু গালি পাৰিছিল।’

নন্দলালৰ প্ৰচেষ্টাৰ শলাগ লৈ শিক্ষা সঞ্চালক কিৰণ কুমাৰে কয় যে নন্দলালৰ উদ্ভাৱনমূলক আৰ্হি প্ৰশংসাযোগ্য কিন্তু বিভাগটোৱে কেৱল এজন নন্দলালক নহয় বৰঞ্চ বিদ্যালয় সমূহৰ বহু বিলাক নন্দলালকে মনোযোগ দিব লগা হয়।

সেয়ে তেওঁ কয় যে শিক্ষক সকলে আৰু অধিক নন্দলালৰ বিকাশ কৰাৰ বাবে নিত্য নতুন উদ্ভাৱনী প্ৰচেষ্টাৰে আগবাঢ়ি আহিব লাগিব।

 

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd