মণিপুৰৰ সীমান্ত ৰেখাত ম্যানমাৰীলোকৰ অবৈধ প্ৰৱেশ

ভাৰত-ম্যানমাৰ সীমান্ত

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে বৃহস্পতিবাৰে মণিপুৰত ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী বিচৰণ কৰা বুলি স্থানীয়লোকে জানিবলৈ দিয়ে।

স্থানীয়লোকে অনুপ্ৰৱেশকাৰী এটা দলক ভাৰত-ম্যানমাৰ সীমান্তৰ ২নং গেট মোৰি আৰু গণেশ গেটৰ সীমান্তৰেখাত ৰাতিপুৱা প্ৰায় ৬.৩০মান বজাত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে।

ইয়াৰ লগে লগে মোৰিৰ স্থানীয়লোকে ঘটনা সন্দৰ্ভত প্ৰশাসনক খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে মোৰি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক, অসম ৰাইফলছৰ জোৱানৰ লগতে প্ৰশাসনৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ফেন্সিং নিৰ্মান কাৰ্য বন্ধ কৰি ঠাইখিনি পৰিদৰ্শন কৰে।

উল্লেখ্য যে ঘটনাস্থলীত মণিপুৰৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতে ম্যানমাৰ সেনাৰ এজন বিষয়াও উপস্থিত হৈ নামফালং বজাৰ সমিতিৰ উদ্যোগত ফেন্সিং নিৰ্মান কাৰ্য চলা বুলি কয়। ইয়াৰ উপৰি ভৱিষ্যতত দুয়োখন দেশৰে অনুমতি অবিহনে কোনো নিৰ্মান কাৰ্য আৰু বেদখল সংঘটিত নহয় বুলি ম্যানমাৰৰ বিষয়াজনে আশ্বাস প্ৰদান কৰে।

পিছত মোৰিৰ আৰক্ষী অধীক্ষক ড০ এছ ইবমছা আৰু উপ মণ্ডল আৰক্ষী বিষয়া ল’ৰেন্স কে মুনলু’ৱে প্ৰত্যক্ষদৰ্শীৰ লগত সোধা পোচা কৰে আৰু মোৰি আৰক্ষী থানাক উক্ত অঞ্চলত ঘনে ঘনে পহৰা দিয়াৰ বাবে নিৰ্দেশ দিয়ে। এই সম্বন্ধত ইবমছাই অসম ৰাইফলছৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতো এক আলোচনাত মিলিত হয় আৰু ভৱিষ্যতে এনে কাৰ্য সংঘটিত কৰিব নোৱাৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিবলৈ জনায়।

এনে সংকীৰ্ণ ঘটনা সংঘটিত হোৱাৰ পিছত মোৰিৰ সীমান্ত ৰেখা অঞ্চললৈ অতিৰিক্ত সামৰিক বাহিনী প্ৰেৰণ কৰা বুলি মণিপুৰৰ ডিজিপি এল এম খাউটে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বেও ম্যানমাৰীসকলে সীমান্ত ৰেখাত প্ৰৱেশ কৰি এক ফেন্সিং বনোৱাৰ চেষ্টা কৰিছিল বুলি ডিজিপিয়ে কয়।

উল্লেখযোগ্য যে ভাৰত-ম্যানমাৰ সীমান্তৰ মুঠ ১,৬৪৩ কি.মি.ৰ ৩৯৮ কি.মি. সীমান্ত মণিপুৰৰ ভৌগোলিক পৰিসীমাত পৰে।