মণিপুৰ আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত হ’ব চিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল

semi-final encounter between Manipur and Railways

বুধবাৰে উৰিষ্যাৰ কটকত ২৩ সংখ্যক চিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখলৰ যুঁজত সমুখ সমৰত নামিব দুই মহিলা ফুটবল শক্তি মণিপুৰ আৰু তামিলনাডু। লক্ষ্যণীয় যে সোমবাৰৰ বাবে খিতাপ দখলৰ দিশে অগ্ৰসৰ হোৱা তামিলনাডুৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে মণিপুৰ।

উল্লেখযোগ্য যে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন অৰ্ধচূড়ান্ত খেলত মণিপুৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ৰেইলৱেক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত খেললৈ অগ্ৰসৰ হয়।

কটকৰ বাৰাবতী ষ্টেডিয়ামত খেলা দ্বিতীয়খন অৰ্ধচূড়ান্ত খেলত মণিপুৰৰ হৈ ষ্ট্ৰাইকাৰ বালা দেৱীয়ে প্ৰথমাৰ্ধৰ ১৩ মিণিটত আৰু দ্বিতীয়াৰ্ধৰ ৮৫ মিণিটত দুটা গ’ল কৰি মণিপুৰক বিজয়ৰ সোৱাদ হিবলৈ সক্ষম হয়। আনহাতে ৰেইলৱে হৈ একমাত্ৰ গ’লটো ১৪ মিণিটত পৰিশোধ কৰে কমলা দেৱীয়ে।

উল্লেখযোগ্য যে দুয়োটা দলে আৰম্ভণি পৰ্যায়ৰ পৰা যথেষ্ট আক্ৰমণাত্মক তথা কৌশলগত খেলৰ জৰিয়তে উপস্থিত দৰ্শকক মোহিত কৰা দেখা যায়।

খেলখনৰ ১৩ মিণিটতে মণিপুৰৰ ষ্ট্ৰাইকাৰ বালাই শক্তিশালীৰূপে মাৰি পঠিওৱা বল ৰেইলৱেৰ গ’লৰক্ষক চমলে ৰোধ কৰাত ব্যৰ্থ হয় আৰু মণিপুৰে খেলখনত অগ্ৰগতি লাভ কৰে। ইয়াৰ ঠিক পিছ মুহুৰ্ততে অৰ্থাৎ ১৪ মিণিটত ৰেইলৱেৰ হৈ কমলা দেৱীয়ে সমতাসূচক গ’লটো প্ৰদান কৰে।

লক্ষ্যণীয় যে দ্বিতীয়াৰ্ধত দুয়োটা দলে বিজয়সূচক গ’ল কৰাৰ বাবে অহৰহ প্ৰচেষ্টা কৰা দেখা যায়। কিন্তু গ’ল কৰাৰ ক্ষেত্ৰত সফলতা পাই মণিপুৰৰ বালা দেৱীয়ে। বালা দেৱীয়ে প্ৰদান কৰা দ্বিতীয়টো গ’লৰ ফলতে মণিপুৰে খেলখনত বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।