মণিপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজন ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ জীৱন আৰু সময় শীৰ্ষক আলোচনা চক্ৰ

Manipur seminar of Rajarshi

মঙলবাৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগ, নতুন দিল্লীস্থিত ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট’ৰিকেল ৰিচাৰ্ছ(ICHR), আৰু ভাৰতীয় ইতিহাহ সংকলন সমিতি(BISS)ৰ উদ্যোগত ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ জীৱন আৰু সময়ক লৈ আয়োজিত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ শুভউদ্বোধন হয়।

ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ আদ্য প্ৰসাদ পাণ্ডেই। দুদিনীয়া আলোচনা চক্ৰখনত ৰজা ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ সমাজলৈ আগবঢ়োৱা অনুদান, তেওঁৰ উত্তৰাধিকাৰী, জীৱনৰ অন্যান্য দিশসমূহ তথা তেওঁ আহৰণ কৰা কৃতিত্ব সমূহৰ বিষয়ে জানিব পৰা যাব। লগতে ১৮ শ শতিকাৰ সমাজ-ৰাজনীতি আৰু ধৰ্মীয় পৰিৱৰ্তনৰ বিষয়েও সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব পৰা যাব।

আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে উপাচাৰ্য আদ্য প্ৰসাদ পাণ্ডেই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় ইতিহাহ সংকলন যোজনাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ সাংগঠনিক সচিব ড০ বালমুকুণ্ড পাণ্ডে। লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ড০ চিএইচ যামিনী দেৱী, প্ৰাক্তন অধ্যক্ষা, মণিপুৰ ৰাজ্যিক মহিলা আয়োগ আৰু অখিল ভাৰতীয় ইতিহাহ সংকলন যোজনাৰ মণ্ডল সাংগঠনিক সচিব হেমন্ত ধিং মজুমদাৰ।

ড০ বালমুকুণ্ড পাণ্ডে ভাষণ প্ৰসংগত কয়, ‘তথ্য সংগ্ৰহ কৰাটোৱে ইতিহাস নহয়, ইতিহাস হৈছে এক মানৱ বিজ্ঞান’। আমাৰ দেশৰ মহান ৰজা পৃঠ্বীৰাজ চৌহান আৰু মহাৰাণা প্ৰতাপ সিঙৰ দৰে বীৰ ব্যক্তিক ইতিহাসে কোনো স্থানে নিদিলে। ঠিক সেইদৰে মহাৰজা ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ নামো ইতিহাসৰ কাগজত সঠিক স্থান নাপালে।

সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয়, ‘ইতিহাস সদায় ইতিহাস হৈয়ে থাকে। ইতিহাস কেতিয়াও বিকৃত কৰিব বা সলাব নোৱাৰি, কিন্তু এতিয়া সময় আহি পৰিছে প্ৰকৃত ইতিহাস সমাজলৈ উলিয়াই অনা’।

ইয়াৰ উপৰি মহাৰজা ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ বিষয়ে আদ্য প্ৰসাদ পাণ্ডে কয় যে মণিপুৰৰ ইতিহাসত তেওঁ এজন শক্তিশালী তথা পাৰদৰ্শী শাসক আছিল। ইয়াৰ উপৰি তেওঁ এজন ধাৰ্মিক ব্যক্তি হোৱাৰ উপৰি এজন সৰ্বজ্ঞানী গুণৰ অধিকাৰী আছিল বাবে তেওঁক সকলোৱে ৰাজৰ্ষী নামেৰে নামাকৰণ কৰিছিল। উপাচাৰ্যগৰাকীয়ে কয় যে মণিপুৰৰ ৰাজনীতি আৰু সাংস্কৃতিক ইতিহাসত ৰাজৰ্ষী ভাগ্যচন্দ্ৰৰ সময়চোৱা সোণালী যুগৰ সময়। আনহাতে ৰাজৰ্ষী ভাগ্যচন্দ্ৰই সংগীত, নাটক আদি ক্ষেত্ৰতো বহু অৰিহনা যোগাইছে বুলিও উল্লেখ কৰে। তদুপৰি এতিয়াৰ জনপ্ৰিয় শাষ্ট্ৰীয় নৃত্য ৰাস লীলাৰো উদ্ভাৱণ কৰিছিল ৰাজৰ্ষী ভাগ্যচন্দ্ৰই।

আলোচনা চক্ৰৰ সমন্বয়ক প্ৰফেচৰ এন লোকেন্দ্ৰই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো অতিথিকে উষ্ম আদৰণি জনোৱাৰ লগতে আলোচনা চক্ৰখন আয়োজন কৰাত সহায় আগবঢ়োৱা সকলো লোককে ধন্যবাদ জনায়।