মণিপুৰ ৰাইফলছৰ শিবিৰৰ পৰা পিষ্টল অন্তৰ্ধান, আই পি এছ সহ ৪ গৰাকী আৰক্ষী বিষয়াক নিলম্বন

প্ৰতিনিধিত্বমূলক ছবি

মণিপুৰ ৰাইফলছৰ এটা শিবিৰৰ পৰা ৫৬টা ৯এম এম পিষ্টল আৰু ৫৮টা মেগাজিন অন্তৰ্ধান হোৱা এক ঘটনা সংঘটিত হৈছিল। উক্ত ঘটনাৰ সৈতে জড়িত ৫জন লোকক আটক কৰাৰ লগতে এই সংক্ৰান্তত সংশ্লিষ্ট কৰ্তৃপক্ষই এগৰাকী আই পি এছ বিষয়াকে ধৰি ৪ গৰাকী আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিছে বুলি জানিব পৰা গৈছে।

নিলম্বিত বিষয়া কেইগৰাকী হৈছে কামজঙৰ আৰক্ষী অধীক্ষক এইছ গোমলিন (আই পি এছ), কে অজিট, এইছ বাছুলাল আৰু বিক্ৰমজিত।

অৱশ্যে উক্ত অস্ত্ৰ-শস্ত্ৰসমূহ কেতিয়া নোহোৱা হ’ল তাক এটিয়ালৈকে জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে এই সম্পৰ্কত ৫জন লোকক আটক কৰি তেওঁলোকৰ পৰা দুটা পিষ্টল জব্দ কৰিছে।

আনহাতে গৃহ বিভাগৰো দায়িত্বত থকা ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিৰেন সিঙে গোটেই বিষয়টোৰ অনুসন্ধান কৰিবলৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ক অনুৰোধ কৰা হৈছে বুলি জানিবলৈ দিয়ে।