NORTHEAST NOW (Assamese)

মনজিৎ মহন্তৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিলে আৰ এছ এছে

November 22, 2017 12:19 pm · এন ই নিউজ ব্যুৰো, গুৱাহাটী :
ফাইল ফটো

আৰ্শ্বাদ মাদানী বিতৰ্কৰ এতিয়াও ওৰ পৰা নাই। এইবাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ গুৱাহাটী শাখাই সাংবাদিক তথা সমাজকৰ্মী মনজিৎ মহন্তৰ বিৰুদ্ধে গুৱাহাটীৰ ফটাশিল আমবাৰী থানাত গোচৰ তৰিলে। আৰ এছ এছৰ গুৱাহাটী শাখাৰ সদস্যসকলে সংবাদ মাধ্যমক জনায় যে যোৱা ১৭ নৱেম্বৰত ফটাশিল আমবাৰী আৰক্ষী থানাৰ বাহিৰত মনজিৎ মহন্তই আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ এটা ভাষ্য বিকৃত কৰিছিল। ‘মহন্তই আৰ্শ্বাদ মাদানীৰ সৈতে লগ লাগি অসমৰ জনসাধাৰণৰ মাজত বিদ্বেষ বিয়পাইছিল’- আৰ এছ এছৰ গুৱাহাটী শাখাৰ সদস্যসকলে এইদৰে অভিযোগ উত্থাপন কৰে। তেওঁলোকে কয়, ‘মহন্তই আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ বিৰুদ্ধে অনা অভিযোগৰ সমৰ্থনত সঠিক প্ৰমাণ দাঙি ধৰক।’

অভিযোগ অনুসৰি মহন্তই আৰ এছ এছৰ মুৰব্বী গৰাকীয়ে অসমৰ মুছলমানসকলক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া উচিত বুলি মন্তব্য কৰা বুলি কৈছিল। আৰ এছ এছৰ গুৱাহাটী শাখাই দাবী কৰে যে এনেধৰণৰ এটা মাৰাত্মক অভিযোগ অনা মহন্তই প্ৰমাণ দাঙি ধৰা উচিত। বিষয়টো সম্পৰ্ত আৰ এছ এছৰ সদস্যসকলে থানাখনত অভিযোগ দাখিল কৰাৰ পিছত ৪২১/১৭ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।

মহন্তই কৈছিল যে তেওঁৰ লগতে অসমৰ আন কেইগৰাকীমান বুদ্ধিজীৱীৰ বিৰুদ্ধে দিল্লীৰ কনষ্টিটিউচন ক্লাবত মাদানীৰ বক্তব্য সম্পৰ্কত কেইবাটাও গোচৰ পঞ্জীয়ন কৰা হৈছে। তেওঁ কৈছিল যে তেওঁলোকৰ বিৰুদ্ধে তৰা গোচৰসমূহ ইমান ততাতয়াকৈ পঞ্জীয়ন কৰাৰ বিপৰীতে সাম্প্ৰদায়িক মন্তব্য কৰি অহা মোহন ভাগৱতৰ দৰে ব্যক্তিৰ বিৰুদ্ধে কোনো ব্যৱস্থা কৰা হোৱা নাই।

Related News