মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা-নকৰাক কেন্দ্ৰ কৰি সন্মুখ সমৰত কংগ্ৰেছ-বিজেপি

ৰিপুন বৰা

২৬ এপ্ৰিলত সম্প্ৰসাৰিত সোণোৱাল মন্ত্ৰীসভাত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মন্ত্ৰীক অন্তৰ্ভুক্ত নকৰাকৈ লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হৈছে। ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এজনো মন্ত্ৰীক অন্তৰ্ভুক্ত নকৰাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ঠায়ে ঠায়ে প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ মাজতে কংগ্ৰেছ দলক সমালোচনা কৰাত ব্যস্ত হৈ পৰে বিজেপিৰ একাংশ নেতা। তাৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে ৰাজ্যত ৩০ শতাংশ সংখ্যালঘু জনসাধাৰণৰ পৰা বিজেপি দলৰ বিধায়ক থকা সত্ত্বেও মন্ত্ৰিত্ব নিদিয়া বুলি অভিযোগ তোলে।

আনহাতে বিজেপিৰ দুগৰাকী নেতা ক্ৰমে মমিনুল আৱাল আৰু মনোজ বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সোণোৱাল মন্ত্ৰীসভা দক্ষ আৰু সবল বুলি উল্লেখ কৰে।

মন কৰিব লগীয়া যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও বিজেপিৰ সম্প্ৰসাৰিত মন্ত্ৰী সভাত যোগ্যজনৰ স্থান নাই বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

ৰিপুণ বৰাই চাহ জনগোষ্ঠীৰ পৰা এজন মাত্ৰ মন্ত্ৰী থকাৰ বিপৰীতে তিৱা, ৰাভা, হাচং জনগোষ্ঠীৰ পৰা এজনকো মন্ত্ৰীসভাত নল’লে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ কৰিছিল।

লগতে তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দু বঙালী সম্প্ৰদায়ৰ বিধায়ক থকা সত্ত্বেও হিন্দু বঙালীৰ ত্ৰাণকৰ্তা বিজেপি চৰকাৰে তেওঁলোককো মন্ত্ৰিত্ব পদ নিদিলে বুলিও বৰাই মন্তব্য কৰিছিল।

ৰাজ্যিক কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বিজেপিৰ মুখপাত্ৰ মমিনুল আৱাল আৰু মনোজ বৰুৱাই আজি এক বিবৃতি যোগে কয় যে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংখ্যালঘু বিষয়টো ৰাজনৈতিক লাভালাভৰ বাবেহে উল্লেখ কৰিছে। অসমত ৮৮ টাতকৈও অধিক জাতি-জনগোষ্ঠীৰ লোক আছে, ১৯ টা পদ থকা মন্ত্ৰীসভাত সকলোৰে প্ৰতিনিধিত্ব সম্ভৱ নহয়।

লগতে বিজেপি নেতা দুজনে কংগ্ৰেছক কটাক্ষ কৰি কয় যে সংখ্যালঘু-সংখ্যাগুৰু কোটা পূৰাবলৈ মন্ত্ৰী সভা গঠন কৰা হোৱা নাই। মন্ত্ৰীসভাত কাক অন্তৰ্ভুক্ত কৰা হ’ব সেইটো মুখ্য মন্ত্ৰীৰ এক্তিয়াৰৰ বিষয়।

এনেদৰেই শাসক আৰু বিৰোধী দলৰ মাজত মন্ত্ৰীসভা সম্প্ৰসাৰণক কেন্দ্ৰ কৰি বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে। লগতে দুয়োপক্ষ এতিয়া নামি পৰিছে বোকা ছটিওৱা খেলত।