NORTHEAST NOW (Assamese)

মন্ত্ৰী তপনৰ বিড়ম্বনা : শক্তি বিভাগৰ দায়িত্ব লৈয়ে প্ৰথমটো ভাষণৰ সময়তে পালে ল’ড শ্বেডিঙৰ সোৱাদ

April 27, 2018 8:21 pm · কল্পজ্যোতি শইকীয়া
Updated: April 27, 2018 8:25 pm

মন্ত্ৰী পল্লবলোচন দাস শক্তিবিভাগৰ দায়িত্বত থাকোঁতে অসমৰ ৰাইজে বিদ্যুতৰ সমস্যাত জ্বলা-কলা খাইছিল। কিন্তু কালি পল্লৱলোচনৰ পৰা শক্তি বিভাগৰ দায়িত্ব তপন কুমাৰ গগৈৰ হাতলৈ যোৱাৰ পিছতে আজি স্বয়ং শক্তি মন্ত্ৰীজনেই তাৰ সোৱাদ পালে। আজি সন্ধিয়াৰ ভাগত মহানগৰীৰ হেঙেৰাবাৰীত থকা দলৰ কাৰ্য্যালয়ত দলীয় কৰ্মীৰ সৈতে মত বিনময় কৰি আছিল নতুন শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে। তেওঁ উপস্থিতসকলক সম্বোধন কৰি ভাষণ দিবলৈ লওঁতেই হঠাতে কাৰেণ্ট যায়।

উল্লেখযোগ্য যে আজি হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত বিজেপিৰ মহিলা মৰ্চাৰ প্ৰদেশ গোটৰ উদ্যোগত আয়োজিত ‘ৰঙালীৰ ধেমালি’ অনুষ্ঠানলৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দ্যেশ্যে আমন্ত্ৰণ জনোৱা হৈছিল নৱ নিৰ্বাচিত বিজেপি দলৰ মন্ত্ৰীসকলক। অন্য মন্ত্ৰীৰ তুলনাত আগতীয়াকৈ উপস্থিত হৈছিল প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্বৰ পদ লোৱা শক্তি মন্ত্ৰী তপন গগৈ। নতুন মন্ত্ৰী ভৱেশ কলিতাও উপস্থিত আছিল সেই ৰঙালীৰ ধেমালিত।

ভবেশ কলিতাই অসুবিধাহীনভাৱে ভাষণ প্ৰদান কৰাৰ লগতে ৰঙালীৰ বতৰত উপস্থিত ৰাইজৰ হেঁচাত বিহুগীত এফাকিও জুৰিলে।

কিন্তু মন্ত্ৰী তপন কুমাৰ গগৈয়ে সকলোকে সম্বুধি ভাষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিলহে মাথোঁ। তেনে সময়তেই কাৰেণ্ট যায়। অপ্ৰস্তুত অৱস্থাত কিছুসময়ৰ বাবে মৌন হৈ হাঁহি হাঁহিয়েই ৰৈ থাকিল মন্ত্ৰীগৰাকী।

কিছুসময়ৰ পিছত জেনেটৰ চলোৱাত মাইক্ৰ’ফোন সক্ৰিয় হৈ উঠাতহে আংশিক পোহৰৰ মাজতে পুনৰ ভাষণ আৰম্ভ কৰিলে মন্ত্ৰীজনে।

ভাষণ আৰম্ভ কৰিয়েই হাঁহিৰ খোৰাক যোগাই মন্ত্ৰীগৰাকীয়ে কয়, “খন্তেক সময়ৰ আগতেই এই যে গুচি গ’ল, মোকেই দায়িত্ব দিয়া হৈছে এই বিভাগ চম্ভালিবৰ কাৰণে। আজিৰ পৰা কাৰ্য্যভাৰ লৈছো।”

প্ৰত্যুত্তৰত উপস্থিত কৰ্মীসকলে কয়, “আজিগ’ল দিয়ক আৰু, আজিৰ পৰা নাযায় বুলি ভাবিছো। ভালকৈ চলিব আপোনাৰ দিনত।”

উল্লেখযোগ্য যে ২৬ এপ্ৰিলত মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ আৰু বিভাগৰ সালসলনি কৰা হৈছিল। ইয়াৰ সুবাদত প্ৰথমবাৰলৈ মন্ত্ৰিত্ব পাইছে সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ে।

https://www.facebook.com/nenowassam/videos/172936096749418/

Related News