মহানগীৰৰ ফটাশিল আমবাৰীত গৰ্ভৱতী মহিলাৰ আত্মহত্যা : হত্যাৰ সন্দেহ

গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীত এগৰাকী গৰ্ভৱতী মহিলাই আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা গৰ্ভৱতী মহিলা গৰাকীয়ে নিজ বাসগৃহতে আত্মহত্যা কৰে। মহিলাগৰাকীক আৰক্ষীয়ে ববিতা দাস বুলি চিনাক্ত কৰিছে।

অৱশ্যে মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে যদিও এইটো হত্যা নে আত্মহত্যা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে নিহত ববিতা দাসে দীপাংকৰ দাসৰ সৈতে প্ৰায় ৮ মাহ পূৰ্বে বিবাহ কৰিছিল। বিবাহৰ পিছৰে পৰা ববিতা আৰু দীপাংকৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে।

একাংশ স্থানীয় ৰাইজে দীপাংকৰ দাসেই গৰ্ভৱতী মহিলা গৰাকীক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰে।

আনহাতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মহিলাগৰাকীৰ গিৰীয়েক দীপাংকৰ দাসক আটক কৰে।