মহানগৰীত অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ শোকাৱহ মৃত্যু

অষ্ট্ৰেলিয়াৰ পৰ্যটক উইলিয়াম মচিনাচ হ’গাৰভষ্টৰ আকস্মিকভাৱে মৃত্যু ঘটে গুৱাহাটীৰ হোটেল লীলাৱতী গ্ৰেণ্ডত । ফটো : নৰ্থইষ্ট নাও

অসমত ভ্ৰমণৰ বাবে অহা অষ্ট্ৰেলিয়াৰ এগৰাকী পৰ্যটকে গুৱাহাটীৰ এখন হোটেলত কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’বলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছে।

অষ্ট্ৰেলিয়াৰ উইলিয়াম মচিনাচ হ’গাৰভষ্ট নামৰ ৬৭ বছৰীয়া এই লোকজনৰ হোটেল লীলাৱতী গ্ৰেণ্ডৰ পঞ্চম মহলাৰ চিৰিৰ পৰা বাগৰি মৃত্যু ঘটে।

জানিব পৰা মতে উইলিয়াম মচিনাচ হ’গাৰভষ্টৰ ঘৰ অষ্ট্ৰেলিয়াৰ গ’ল্ডক’ষ্টৰ কুইনচলেণ্ডত।

যোৱা ১০ মে’ত পৰ্যটক গৰাকী অসমলৈ ভ্ৰমণৰ উদ্দেশ্যে আহিছিল।

অষ্ট্ৰেলিয়াৰ এই পৰ্যটকগৰাকী তেওঁৰ আন ৪ গৰাকী সতীৰ্থৰ সৈতে মটৰ চাইকেলেৰে উত্তৰ-পূৱৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবলৈ আহিছিল।

কালি নিশা হোটেল লীলাৱতী গ্ৰেণ্ডত এই ঘটনা সংঘটিত হয়।

ঘটনা সংঘটিত হোৱাৰ পিছতে লোকজনক তাৎক্ষনিকভাৱে জিএমচিএইচলৈ নিয়া হয় যদিও চিকিৎসকে তাত মৃত ঘোষণা কৰে।

মহানগৰীত এনেদৰে এগৰাকী পৰ্যটক ভ্ৰমণলৈ আহি আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লোৱা ঘটনাই সকলোকে ব্যথিত কৰে।