NORTHEAST NOW (Assamese)

মহানগৰীত ভয়ানক দুৰ্ঘটনা : ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ

December 7, 2023 10:48 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সোমবাৰে মাজ নিশা গুৱাহাটী মহানগৰীৰ বশিষ্ঠ অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰৰ  খুন্দাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়।

উল্লেখ্য যে মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।

ইফালে পথচাৰী আৰু স্থানীয় লোকে ক্ষীপ্ৰতাৰে ডাম্পাৰ চালকজনক আটক কৰে।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় যদিও জৰুৰী পৰিস্থিতি আৰক্ষী পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

আৰক্ষী আহি পোৱাৰ পিছতে আটক কৰা চালকজনক আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে।

Related News