NORTHEAST NOW (Assamese)

মহানগৰীত হস্ততাঁত-বস্ত্ৰ বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনৰ অভিযানত মেচিনত তৈয়াৰী গামোচা জব্দ

April 10, 2018 12:52 pm · এন ই নাও নিউজ
Updated: April 10, 2018 1:24 pm
প্ৰতিনিধিত্বমূলক ফটো

ৰঙালী বিহুলৈ মাজত মাথো কেইদিনমান থকা অৱস্থাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিপিনী সকল তাঁতশালত ব্যস্ত থকাৰ সময়তে গুৱাহাটী মহানগৰীত সোমবাৰে মেচিনত তৈয়াৰী গামোচা জব্দ কৰাহয়।

প্ৰাপ্ত তথ্য মতে আজি ৰাজ্যিক হস্ততাঁত-বস্ত্ৰ বিভাগ আৰু কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনে যৌথ অভিযান চলাই প্ৰায় ৭০০ তকৈ অধিক মেচিনত তৈয়াৰী গামোচা জব্দ কৰে।

অভিযানকাৰী দলটোৱে বামুণীমৈদাম ৰে’লৱে কলনী আৰু চানমাৰিত অভিযান চলাই এই মেচিনত তৈয়াৰী গামোচা সমূহ জব্দ কৰে বুলি জানিব পৰা গৈছে।

প্ৰথম অৱস্থাত অভিযানকাৰী দলটোৱে সোমবাৰে বামুণীমৈদাম ৰে’লৱে কলনিৰ বজাৰৰ প্ৰায় ১০ খন দোকানৰ পৰা ৪৮৩ খন মেচিনত তৈয়াৰী গামোচা জব্দ কৰাৰ বিপৰীতে বামুণীমৈদাম অনুপম ক্লাব ষ্টৰৰ পৰা প্ৰায় ৮০ খন আৰু মৌচুমী চিল্ক হাউচৰ পৰা ৩৫২ খন গামোচা জব্দ কৰে।

ইপালে চানমাৰীৰ ৩ খন দোকানৰ পৰা প্ৰায় ২৫৩ খন মেচিনত তৈয়াৰী গামোচা জব্দ কৰে।

উল্লেখযোগ্য যে ১৯৮৫ চনৰ হস্ততাঁত আইনমতে গামোচা তথা পৰম্পৰাগত বস্ত্ৰ সমূহ কেৱল তাঁতশালত হে তৈয়াৰ কৰিব পাৰিব।

Related News