মহানগৰীৰ ৰাজপথত ‘উবেৰ’ৰ চালকৰ মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ

উবেৰৰ

বিভিন্ন সময়ত পৰিবহণ নেটৱৰ্ক কোম্পানি উবেৰৰ চালকে যাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে মহানগৰীৰ ৰাজপথত কৰ্তব্যৰত অৱস্থাত থকা উবেৰৰ চালকে দুগৰাকী মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰে।

প্ৰাপ্ত তথ্য মতে সুমিতা দে ডেকা নামৰ এগৰাকী মহিলাই ৰাজগড়ৰ কাৰ্যালয়লৈ বুলি এখন উবেৰ বুক কৰাৰ পিছতে উবেৰৰ চালকজনৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’ব লগীয়া হয়। এই ঘটনা সংঘটিত হয় মহানহৰীৰ বেলতলাত।

জানিব পৰা মতে ভুক্তভোগী মহিলা গাৰীকয়ে প্ৰথম অৱস্থা এখন উবেৰ বুকিং কৰিছিল যদিও উবেৰৰ চালক গৰাকীয়ে  মহিলাগৰাকীৰ বুকিংটো বাতিল কৰে। পিছত মহিলাগৰাকীয়ে পুনৰ বুকিং কৰিছিল কিন্তু উক্ত এলেকাত পুনৰ একেজন চালকেই আছিল।

উল্লেখযোগ্য যে দ্বিতীবাৰ বুকিং কৰাৰ পিছত উবেৰৰ চালকজন নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাত মহিলাগৰাকীয়ে তেওঁৰ ভনীয়েকৰ সৈতে নিজ কাৰ্যালয়লৈ যাত্ৰা আৰম্ভ কৰে।

আনহাতে প্ৰথমবাৰ উবেৰ চালকজনে বুকিং বাতিল কৰাৰ কাৰণ সম্পৰ্কত মহিলাগৰাকীয়ে চালকজনক প্ৰশ্ন কৰাত উবেৰৰ চালকজনে মহিলা যাত্ৰী দুগৰাকীক দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। আনকি মহিলা যাত্ৰী দুগৰাকীক মহানগৰীৰ ৰাজপথতে প্ৰহাৰ কৰাৰো ভাবুকি প্ৰদান কৰে।

ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে চালকজনে পৰিয়ালৰ সদস্যক মাতি তেওঁলোকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইফালে মহিলাগৰাকীয়ে চালকজনৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে।