নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ

খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত সাংস্কৃতিক মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা বিস্মিতা গগৈক নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।

লক্ষণীয় যে শণিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ৰাহুল গান্ধীয়ে বিস্মিতা গগৈৰ নিযুক্তিত অনুমোদন জনায়। ৰাহুল গান্ধীয়ে অনুমোদন জনোৱাৰ পিছতে এ আই চি চিৰ সাধাৰণ সম্পাদক জনাৰ্দন দ্বিবেদীয়ে বিস্মিতা গগৈক সাধাৰণ সম্পাদক হিচাপে দিয়া নিযুক্তিত স্বাক্ষৰ কৰে।

বিস্মিতা গগৈৰ লগতে জেনেট ডি ছুজাকো নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছে।