মহিলা বিশ্ববিদ্যালয় ৰক্ষাৰ দাবীত ২৮ মাৰ্চত ৰাজ্যজুৰি আছুৰ আন্দোলন

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ  প্ৰথম মহিলা বিশ্ববিদ্যালয় ‘অসম মহিলা বিশ্ববিদ্যালয়’ ৰক্ষাৰ দাবীত সদৌ অসম ছাত্ৰ-সন্থাই ৰাজ্যজুৰি ২৮ মাৰ্চত আন্দোলন গঢ়ি তুলিব বুলি সোমবাৰে ঘোষণা কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-সন্থাই নিৰৱচ্ছিন্নভাৱে গ্ৰহণ কৰি অহা আন্দোলনৰ পাছতো অসম চৰকাৰে বিষয়টোত ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ছাত্ৰ সন্থাই ২৮ মাৰ্চত ৰাজ্যজুৰি আন্দোলনৰ ঘোষণা কৰিছে।

সংগঠনটোৱে কয় যে প্ৰথমখন মহিলা বিশ্ববিদ্যালয় স্বাভাৱিকতেই অসমৰ স্বাভিমান। গতিকে মহিলা বিশ্ববিদ্যালয়খনৰ নাম অক্ষুণ্ণ ৰাখি বিশ্ববিদ্যালয়খন পূৰ্ণপৰ্যায়ৰ কৰাৰ বাবে ব্যৱস্থা চৰকাৰে অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰক।

সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে অসম মহিলা বিশ্ববিদ্যালয় সম্পৰ্কত আইনখন অসম বিধানসভাত গ্ৰহণ কৰাৰ সময়ত যিগৰাকী শিক্ষা মন্ত্ৰী আছিল, সেই একে গৰাকী শিক্ষা মন্ত্ৰীও আজিও আছে। গতিকে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে মহিলা বিশ্ববিদ্যালয়খন  পূৰ্ণ পৰ্যায় ৰূপে গঢ় দিয়াত ব্যৰ্থ হোৱাত ছাত্ৰী সকল জগৰীয়া নহয়। যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো তেওঁৱে শিক্ষামন্ত্ৰী আছিল। আনকি এগৰাকী স্থায়ী উপাচাৰ্যও নিযুক্ত কৰিব পৰা নাছিল।

লগতে কয় যে বৰ্তমান পৰিৱৰ্তনৰ নামত গঠন হোৱা নতুন চৰকাৰে মহিলা বিশ্ববিদ্যালয় খনত নতুন স্থায়ী উপাচাৰ্য নিয়োগ কৰি, নতুন নতুন বিষয় প্ৰৱৰ্তন কৰি, আন্তঃগাঁথনিৰ সুব্যৱস্থা কৰি, স্থায়ী শিক্ষক নিযুক্তি দিব লাগে।

২৮ মাৰ্চত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰৰ ৰাজহুৱা স্থানত মুখত ক’লা কাপোৰ বান্ধি অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।

লগতে অসম মহিলা বিশ্ববিদ্যালয় ৰক্ষাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰি জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু দেশৰ সাংসদ সকললৈও দাবীপত্ৰ প্ৰেৰণ কৰিব বুলি প্ৰকাশ কৰে।