NORTHEAST NOW (Assamese)

মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বাবে ইণ্ডিগ’ৰ দুজন কৰ্মচাৰীক নিলম্বন

November 22, 2017 11:44 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

এটা লজ্জাজনক ঘটনাৰ প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে বিমানসেৱা প্ৰতিষ্ঠান ইণ্ডিগ’ই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কৰ্মৰত তেওঁলোকৰ দুজন কৰ্মচাৰীক নিলম্বন কৰে। সূত্ৰটোৰ মতে ইণ্ডিগ’ৰ এজন কৰ্মচাৰীয়ে আইনজীৱী কৃষ্ণা শৰ্মাৰ পৰা তেওঁৰ ম’বাইলটো আঁজুৰি লৈ তাত থকা নিৰ্দিষ্ট কিছুমান ফটো মচি দিয়ে। ঘটনাটো সম্পৰ্কত কৃষ্ণা শৰ্মাই বেছি ক’ব নোখোজে যদিও ছ’চিয়েল মিডিয়াত প্ৰচাৰিত খবৰ মতে ভ্ৰমণৰ সময়ত কৃষ্ণা শৰ্মাৰ বেগ বাৰে বাৰে পৰীক্ষা কৰা হৈছিল, যিটোৰ ফটো তুলি লৈছিল কৃষ্ণা শৰ্মাই। পৰীক্ষা কৰাৰ পিছত ইণ্ডিগ’ৰ কৰ্মচাৰী এজনে উক্ত ফটোবোৰ ডিলিট কৰিবলৈ কয়। কিন্তু তেওঁ ফটোবোৰ ডিলিট কৰা বুলি কোৱাৰ পিছতো কৰ্মচাৰীজনে তেওঁৰ পৰা ম’বাইলটো আঁজুৰি লয় আৰু ফটোবোৰ recently deleted ফ’ল্ডাৰৰ পৰাও নিজে ডিলিট কৰি দিয়ে। পিছত ঘটনাটোৰ বিষয়ে কৃষ্ণা শৰ্মাৰ পৰা অভিযোগ পাই ইণ্ডিগ’ই তেওঁ এনেকুৱা অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হ’ব লগীয়া বাবে কৃষ্ণা শৰ্মাৰ ওচৰত ক্ষমা বিচাৰে আৰু লগতে কৰ্মচাৰীজনক নিলম্বন কৰাৰ বিষয়েও অৱগত কৰে। তেওঁ ইণ্ডিগ’ৰ এই ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে শলাগ লয়।

Related News