সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দন-সংগঠনে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি অহাৰ সময়তে আজি সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈত পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে প্ৰতিদিনে বৰ্তমান এক ভয়াৱহ ৰূপত পে’ট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈ থকাৰ সময়তে সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈৰ শ্বহীদ ভৱনৰ পৰা ম’হৰ গাড়ীত হেলমেট পৰিধান কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধৰ বাবে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, উপ-সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ চহৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতাই অংশ গ্ৰহণ কৰে।
প্ৰতিবাদকাৰী সকলে চহৰ মাজেৰে হেলমেট পৰিধান কৰি ম’হৰ গাড়ী চলাই কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে।
আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ বাবে দাবী জনায়।