মাজুলীত গুৰুজনাৰ ‘কেলিগোপাল’ অংকীয়া নাটৰ মাহযোৰা অভিনয় কৰ্মশালাৰ সামৰণি

মাজুলীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সন্মিলিত শিল্পী সমাজে আয়োজন কৰা ‘কেলিগোপাল’ অংকীয়া নাটৰ মাহযোৰা অভিনয় কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে।

সমাৱৰ্তন অনুষ্ঠানত সন্ধিয়া সাত বজাৰ পৰা শিকাৰু শিল্পী সকলে মাজুলী মিলন সংঘত মঞ্চস্থ কৰে গুৰুজনাৰ অমৰ সৃষ্টি ‘কেলিগোপাল’ নাট।

অসমীয়া নাট্য সাহিত্য আৰু নাট্যকলাৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিলৈ দি থৈ যোৱা অভিনৱ কলা সম্পদ ‘অঙ্কীয়া নাট’ অন্যতম এই নাট উপভোগৰ বাবে সহস্ৰাধিক দৰ্শকে ভিৰ কৰে।

উল্লেখযোগ্য যে গুৰুজনাই নাট ৰচনা কৰাৰ আগতেই ‘চিহ্নযাত্ৰা’ নামেৰে অভিনয় কৰি হাজাৰ জনক মুগ্ধ কৰিছিল। চিহ্নযাত্ৰাৰ আকৰ্ষণীয় গীত-নৃত্য-অভিনয় দেখি অনেকজন বিপক্ষবাদী লোকো আশ্চৰ্য-অভিভূত হৈ তেওঁৰ ওচৰত অৱনত হৈছিল ।

দুজনা গুৰুৰ নাটৰ লগত ভাষিক, সাংগীতিক, সাংস্কৃতিক আৰু কলাত্মক দৃষ্টিৰে পিছৰ কালত ৰচিত নাটবোৰ সমপৰ্যায়ৰ নহ’লেও সেই আদৰ্শতে সৃষ্টি হোৱা অসংখ্য নাটকে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিলে।

অসমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত দুজনা গুৰুৰ আদৰ্শ দৰ্শন তথা সৃষ্ট কলা সংস্কৃতিক নৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰি সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে।