মাজুলীৰ জিলা প্ৰশাসনৰ উদ্যোগত বিদ্যালয়ৰ পৰিৱেশত দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালা

district disaster management authority workshop majuli

২ জুনত মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়।ইউনিচেফ আৰু গ্ৰাম্য স্বেচ্ছাসেৱক সংস্থা (RVC) নামৰ এটা বে-চৰকাৰী সংস্থাৰ সহযোগত  জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰ্মশালাটোৰ আয়োজন কৰে। কৰ্মশালাত ৰাজ্য চৰকাৰৰ বিভিন্ন  বিভাগৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

উক্ত কৰ্মশালাত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জিলাখনৰ অন্তৰ্গত বিদ্যালয়সমূহৰ গৃহসমূহকে ধৰি শিক্ষক ছাত্ৰ-ছাত্ৰীক কেনেদৰে  সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। দুৰ্যোগ প্ৰতিহত কৰাৰ বাবে বিদ্যালয়ৰ গাঁথনিগত নক্সা কেনে হোৱা উচিৎ তাৰ ওপৰত বিতং আলোচনা এই কৰ্মশালাখনত কৰা হয়। তাৰোপৰি, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৰি ছাত্ৰ-ছাত্ৰীসকলৰৰ সুৰক্ষিত কৰাৰ বাবে শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

এই কৰ্মশালা তথা অলোচনাক্ৰত শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নন, গড়কাপ্তানি বিভাগ, সমাজ কল্যাণ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, অগ্নি আৰু জৰুৰীকালীন সেৱা আৰু স্বাস্থ্য বিভাগে অংশগ্ৰহণ কৰিছিল। টিবিচিৰ সঞ্চালক আৰু ইউনিচেফৰ প্ৰতিনিধি শ্ৰী এছ আনন্দে ভাৰত চৰকাৰে গ্ৰহণ কৰা বিদ্যালয় নিৰাপত্তা নীতি-২০১৬ৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে।

মাজুলীৰ ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী চিন্ময় নাথে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকৰণে জিলাখনৰ বিদ্যালয়সমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰিছে সেয়া ব্যখ্যা কৰে।