মাজুলীৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰ্যালোচনাৰ বাবে মাজুলীত উপস্থিত মুখ্য মন্ত্ৰী সৰ্বানন্দ

উন্নয়নমূলক কাম-কাজ পৰ্যালোচনাৰ বাবে দেওবাৰে মাজুলীত উপস্থিত হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্য মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা গৰাকীক মথাউৰি সমূহৰ মেৰামতিৰ কাম পৰিদৰ্শন আৰু নিৰীক্ষণৰ বাবে বিশেষজ্ঞ দল প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। লগতে অগন্তুক বাৰিষাত মথাউৰিৰ ভাবুকিৰ সৃষ্টি হ’ব পাৰে সেই স্থান সমূহ বিশেষজ্ঞ গোটৰ দ্বাৰা পৰিদৰ্শন কৰাৰ বাবেও জনসম্পদ বিভাগৰ মুখ্য অভিযন্তা গৰাকীক নিৰ্দেশ দিয়ে।

ইফালে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কাম-কাজৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ২০০ কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মাজুলী সুৰক্ষাৰ কাম-কাজ ক্ষীপ্ৰ গতিত কৰাৰ বাবেও ব্ৰহ্মপুত্ৰ ব’ৰ্ডক নিৰ্দেশ দিয়ে। লগতে সৰ্বানন্দই উপায়ুক্ত গৰাকীক এই কাম-কাজৰ নিয়মিতভাৱে পৰিদৰ্শন কৰি চৰকাৰলৈ প্ৰতিবেদন পঠিয়াবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী গৰাকীয়ে জনসম্পদ বিভাগৰ মুখ্য অভিযন্তা গৰাকীক নিমাতী ঘাটৰ কামো শীঘ্ৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে হালধিমাৰীৰ পৰা বেটামাৰলৈ সোণোৱাল কছাৰী ছিগা অংশ অহা ৩০ এপ্ৰিলৰ ভিতৰত, সোৱণশিৰি মথাউৰি ছিগা অংশ ২০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে মুখ্য অভিযন্তা গৰাকীক নিৰ্দেশ দিয়ে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে গড়কাপ্টানি বিভাগৰ মুখ্য অভিযন্তা গৰাকীক গড়মূৰৰ পৰা জেংৰাইমুখলৈ ২০ কি. মি. দৈৰ্ঘ্যৰ পথছোৱা মেৰামতিৰ বাবে নিৰ্দেশ দিয়ে।

ইতিমধ্যে অভিযন্তা গৰাকীয়ে মুখ্য মন্ত্ৰী গৰাকীক পথটো মেৰামতিৰ বাবে ৪.৬ কোটি টকা অনুমোদন লাভ কৰা বুলি কোৱাৰ লগতে পথটো ৰাজ্যিক পথলৈ পৰিৱৰ্তন সাধন কৰাৰ বাবে ৪০ কোটি টকাৰ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

অভিযন্তা গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনত ৪২ টা নতুন পথৰ বাবে মাজুলীয়ে অনুমোদন লাভ কৰিছে বুলি কয়।

আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা গৰাকীয়ে মুখ্য মন্ত্ৰীক মাজুলীত আৰ্ছেনিকমুক্ত খোৱাপানী যোগান ধৰাৰ বাবে ২৮ টা নতুন আঁচনিৰ কাম আৰম্ভ কৰা বুলি কয়। লগতে ১ ব’হাগৰ পৰা মাজুলীক মুকলিত মল ত্যাগ মুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হ’ব বুলিও কয়।

উক্ত পৰ্যালোচনা মূলক বৈঠকত বিধায়কদ্বয় ক্ৰমে বিমল বৰা, ঋতুপৰ্ণ বৰুৱা, এপিডিচিএলৰ অধ্যক্ষ পুৰু গুপ্তা, জলসম্পদ, ব্ৰহ্মপুত্ৰ ব’ৰ্ড, গড়কাপ্টানি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা সকল, উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰকে ধৰি বিভাগৰ অন্যান্য উচ্চ পদস্থ বিষয়া সকল উপস্থিত আছিল।