মাটি দখলৰ গোচৰ ক্ষিপ্ৰ ভাৱে নিষ্পত্তি কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰৰ উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ সমিতি গঠন

Kamrup-M-deputy-commissioner-office-570x320

বিভিন্ন সময়ত সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলে মাটি দখলকাৰী সকলৰ হাতত ভেটি মাটি হেৰুৱাব লগা হয়। এনে ঘটনাৰ বলি হোৱা কিছুসংখ্যক লোকে মাটি দখলকাৰী অথবা জোৰকৈ দখল কৰা সকলৰ দ্বাৰা মাটি হেৰুৱাই আৰক্ষী অথবা উপায়ুক্তৰ ওচৰত সেই মাটি ঘূৰাই পোৱাৰ বাবে আবেদন জনায়।

এনেধৰণৰে মাটি হেৰুওৱা লোক সমূহৰ গোচৰ সমূহ শীঘ্ৰে নিস্পত্তি কৰাৰ বাবে আৰু আৰক্ষী অথবা জিলা প্ৰশাসনৰ সৈতে এনে ঘটনাৰ বলি হোৱা লোকসকলৰ মাজত এক সমন্বয় সাধনৰ উদ্দেশ্যে এক চৰকাৰী অধিসূচনাৰ আধাৰত কামৰূপ মহানগৰ জিলা উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ বৃহস্পতিবাৰে এখন জিলা পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে।

কামৰূপ  মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত এই সমিতিখন গঠন কৰা হয়। ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তক সদস্য সচিব হিচাপে লৈ গঠন কৰা এই সমিতিখনত সদস্য হিচাপে আছে ক্ৰমে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পূৱ, পশ্চিম আৰু মধ্য আৰক্ষী জিলাৰ আৰক্ষী উপায়ুক্ত সকল তথা অপৰাধ শাখাৰ আৰক্ষী উপায়ুক্ত, আজাৰা, চন্দ্ৰপুৰ, দিশপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু কামৰূপ মহানগৰ জিলাৰ চৰকাৰী অধিবক্তাগৰাকী।

এই সমিতিখনে মাহত এবাৰকৈ মাটি দখলৰ গোচৰসমূহ পৰ্যালোচনা কৰিব। ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সদস্য সচিব হিচাপে নিয়মীয়াকৈ এই সভা আহ্বান কৰিব। ৰাজহ চক্ৰ সমূহৰ মাটি দখলৰ গোচৰসমূহ খৰতকীয়াকৈ নিস্পত্তিৰ বাবে ৰাজহ চক্ৰ পৰ্যায়তো এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰা হ’ব। এই সমিতিখনেও  প্ৰত্যেক মাহৰ ২৫ তাৰিখ বা তাৰ পূৰ্বে এনে ঘটনাৰ বলি হোৱা সকলৰ গোচৰ সমূহ পৰ্যালোচনা কৰিব। এই ক্ষেত্ৰত চক্ৰ  বিষয়াই এই ভূমি ৰাজহৰ এগৰাকী দায়িত্বশীল বিষয়াক এনে গোচৰ সমূহ চোৱাচিতাৰ দায়িত্ব দিব। তেওঁ সংশ্লিষ্ট আৰক্ষী থানাৰ সমন্বয়কৰ সৈতে যোগাযোগ কৰি জনসাধাৰণক পৰামৰ্শ প্ৰদান কৰিব আৰু এনে গোচৰ ক্ষিপ্ৰ নিস্পত্তিৰ বাবে ব্যৱস্থা ল’ব।

এই সভাতে নিয়মীয়াকৈ আৰক্ষী জিলাৰ আৰক্ষী উপায়ুক্ত পৰ্যায়তো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত  ৰাজহ চক্ৰ বিষয়া সকলে আৰক্ষী থানা ভিত্তিক আৰক্ষীৰ সৈতে মাহত এবাৰকৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ ব্যৱস্থা হাতত ল’ব। এই সভাতে বিবদমান ভূমিৰ বিশদ নথিসহিতে তথ্য দাখিলৰ বাবে এক নমুনা পত্ৰও সমিতিয়ে অনুমোদন জনায়।

এই সভাত উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় ক্ষীতিশ চন্দ্ৰ পেগু আৰু পুলক মহন্ত, কামৰূপ মহানগৰ জিলাৰ পূব, পশ্চিম আৰু মধ্য আৰক্ষী জিলাৰ আৰক্ষী উপ আয়ুক্ত ক্ৰমে ড০ ৰমনদ্বীপ কৌৰ,  বি এল মিনা আৰু ৰঞ্জন ভূঞা, অপৰাধ শাখাৰ উপ আয়ুক্ত লুইচ আইণ্ড, গুৱাহাটী, দিশপুৰ, আজাৰা, সোনাপুৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে দামোদৰ বৰ্মন, ডা০ ধ্ৰুৱজ্যোতি হাজৰিকা, মহৰ্ষী কাশ্যপ, জেনিফাৰ য়াচমিন চৌধুৰী আৰু পল্লৱজ্যোতি নাথ উপস্থিত থাকে।