মাডাৰ বৃদ্ধাৱাসক দুদিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ ভাড়াঘৰৰ মালিকৰ

মাডাৰ বৃদ্ধাবাস

বিগত ছবছৰে ১২ বাৰকৈ বৃদ্ধাশ্ৰমৰ স্থান সলনি কৰা মাডাৰ বৃদ্ধাৱাসৰ এইবাৰো আহি পৰিছে এক নতুন বিপদ। অহা দুদিনৰ ভিতৰত ঘৰ খালী কৰি দিয়াৰ নিৰ্দেশ দিছে ভাড়াঘৰৰ মালিকে। তদুপৰি চৰকাৰক মাদাৰ বৃদ্ধাৱাস স্থায়ীভাৱে নিৰ্মাণ কৰিবৰ বাবে কর্তপক্ষই বিগত চৰকাৰখনৰ দিনৰে পৰা এটুকুৰা মাটি বিচাৰি আহিছে যদিও চৰকাৰে তেওঁলোকক মাটি প্ৰদান কৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মহানগৰীৰ বামুনীমৈদামস্থিত পূব জ্যোতিনগৰৰ ঘৰ নং ৭৫ ত ২ বছৰ তিনিমাহ পূৰ্বে গৃহটোৰ কেইটামান কোঠা ভাড়ালৈ লৈছিল মাদাৰ বৃদ্ধাৱাসৰ সভাপতিৰ দায়িত্বত থকা উৎপল হৰ্ষবৰ্দ্ধন আৰু সাধাৰণ সম্পাদিকা মনিকা শৰ্মাই।

আনহাতে, যোৱা মঙ্গলবাৰে ঘৰটোৰ মালিক বিজয়কৃষ্ণ দাসে তেওঁলোকক অহা দুই-তিনিদিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া বুলি অভিযোগ তোলে বৃদ্ধাশ্ৰমৰ সভাপতি উৎপল হৰ্ষৱৰ্দ্ধনে।

তেওঁ লগতে কয়, ‘আমাৰ সৈতে ঘৰটোৰ মালিকে কৰা চুক্তি অনুসৰি অহা অক্টোবৰ মাহলৈকে আমি এই ঘৰটোত থাকিব পাৰিম। তেওঁলোকে কেইদিনমান ধৰি বৃদ্ধা ককা-আইতাসকলক পানীৰ যোগান ধৰা নাই। কিন্তু তলত যিসকল ভাৰাতীয়া আছে সেইসকলক পানীৰ যোগান সঠিকভাৱে ধৰি আছে।‘

তদুপৰি মালিকক পানী নোপোৱাৰ কথা কওঁতে তেওঁ অহা দুই-তিনিদিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, মালিকে ঘৰটো বিক্ৰী কৰিম বুলি তেওঁলোকক কোৱা বুলি নৰ্থইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত তেওঁ জানিবলৈ দিয়ে।

ইপিনে দুই-এদিনতে মালিকে ঘৰটো এৰি যাবলৈ নিৰ্দেশ দিয়া ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি লগতে কয়, ‘বয়সস্থ লোকসকলক পানী যোগান বন্ধ কৰি দিয়াত তেওঁলোক বহু কষ্টৰ সন্মুখীন হৈছে।‘

উল্লেখ্য যে, বৰ্তমানৰ ভাৰাঘৰ এৰি পুনৰ নতুন এক ভাৰাঘৰলৈ গৈ তেওঁলোক একেই পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰে। সেয়েহে নৰ্থ ইষ্ট নাওৰ জৰিয়তে তেওঁলোকে চৰকাৰক বৃদ্ধাশ্ৰমখন স্থায়ীভাৱে স্থাপন কৰাৰ বাবে ৩ কঠা মাটি বিচাৰি পুনৰবাৰ অনুৰোধ জনায়।

আনহাতে, বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰ প্ৰতি কিবা পদক্ষেপ ল’ব নেকি বুলি সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক নৰ্থ ইষ্ট নাওৱে যোগাযোগ কৰাত তেওঁ কয়, ‘এই ব্যক্তিগত সংস্থাটোৱে চৰকাৰৰ তৰফৰ পৰা সাহায্য পায়ো কিয় ভাৰাঘৰত বৃদ্ধ-বৃদ্ধাসকলক ৰাখিবলগীয়া হ’ল? এটা ভাৰাঘৰত ইমানখিনি মানুহ ৰাখিছে যাৰ বাবে হয়তো মালিকৰ অসুবিধা হ’ব পাৰে।‘

চৰকাৰৰ ফালৰ পৰা বৃদ্ধ-বৃদ্ধাসকলৰ বাবে গৃহ এটা স্থাপন কৰাটো কোনো ডাঙৰ কথা নহয় বুলি মন্তৱ্য কৰি তেওঁ কয়, ‘কিন্তু সংস্থাটোৱে ভাৰা লোৱাৰ আগতে ভাৰাঘৰটোত পানীৰ সু-ব্যৱস্থা আছে নে নাই বা প্ৰয়োজনীয় পানী যোগান ধৰিব পাৰিব নে নাই সেই কথা লক্ষ্য কৰিব লাগিছিল।‘

বেলেগৰ ঘৰত বৃদ্ধাশ্ৰম কৰিব নোৱাৰি বুলি সদৰী কৰি তেওঁ লগতে ভূমি ৰাজহ বিভাগৰ পৰা মাটিৰ অনুমোদন ল’বৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয়, ‘মাটি চাই দিয়াটো চৰকাৰৰ কাম নহয়, এই কাম তেওঁলোকে নিজেই কৰিব লাগিব।‘

অৱশ্যে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীয়ে মাডাৰ বৃদ্ধাশ্ৰমে বৃদ্ধ-বৃদ্ধাসকলক  আশ্ৰয় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে বৃদ্ধাশ্ৰমৰ দায়িত্বত থকাসকলৰ হেমাহি আৰু অকৰ্মণ্যতাৰ বাবে নে চৰকাৰৰ আওকণীয়া স্বভাৱৰ বাবে এই বৃদ্ধ-বৃদ্ধাসকলৰ এই অৱস্থা হৈছে সেয়া আজিৰ প্ৰেক্ষাপটত এক লাখটকীয়া প্ৰশ্ন।