ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী মানিক সৰকাৰে আজি ৰাজ্যখনৰ ৰাজ্যপাল তথাগত ৰয়ৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰে। পদত্যাগ পত্ৰ গ্ৰহণ কৰি ৰাজ্যপাল গৰাকীয়ে পৰৱৰ্তী মুখ্য মন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই থাকিবলৈ সৰকাৰক আহ্বান জনায়।
‘ৰাজ্যপালৰ ওচৰত মই পদত্যাগ পত্ৰ প্ৰদান কৰিলো। আৰু নতুন মুখ্য মনত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ নকৰালৈকে ৰাজ্যপালে মোক মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ দায়িত্ব চলাই যাবলৈ কৈছে। ৰাজ্যখনত শান্তিপূৰ্ণ ভাবে নিৰ্বাচন সম্পন্ন হৈ যোৱাত সহায় সহযোগ আগবঢ়োৱা সকলো বিষয়া তথা সুৰক্ষা কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিলো’, মানিক সৰকাৰে পদত্যাগ পত্ৰ প্ৰদান কৰি ৰাজভৱনত সংবাদ কৰ্মীসকলৰ আগত এনেদৰে মন্তব্য কৰে।
শণিবাৰে ঘোষণা কৰা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত মানিক সৰকাৰ নেতৃত্বাধীন চিপিআই(এম) দলে বিজেপি মিত্ৰজোঁটৰ হাতত পৰাজয় বৰণ কৰাৰ পাছতেই আজি ৰাজ্যপালৰ ওচৰত মুখ্য মন্ত্ৰী মানিক সৰকাৰে নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে শণিবাৰে ঘোষণা কৰা ফলাফলত বিজেপি-আইপিএফটিয়ে ৫৯খন আসনৰ ভিতৰত ৪৩খন আসনেই দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত বিজেপিয়ে ৩৫টা আৰু আইপিএফটিয়ে ৮খন আসন দখল কৰে।
তাৎপৰ্যপূৰ্ণ কথা যে বিগত ২০ বছৰ কাল মুখ্য মন্ত্ৰী ৰূপে দায়িত্ব পালন কৰা বৰ্ষীয়ান বাওঁ পন্থী নেতা মানিক সৰকাৰে বিগত ৩৭ বছৰে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়াইছে। এই পৰ্যন্ত তেওঁ ১৯৮১ চনৰ পৰা ২০১৮ চনৰ ভিতৰত সাতবাৰ বিধানসভাৰ মজিয়ালৈ মনোনীত হ’বলৈ সক্ষম হৈছে।
স্মৰ্তব্য যে এইবাৰৰ নিৰ্বাচনতো তেওঁ ধনপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়াই বিজেপিৰ সাধাৰণ সম্পাদক তথা মহিলা নেত্ৰী প্ৰতীমা ভৌমিকক ৫,৪৪১ টা ভোটৰ ব্যবধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।